31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    সানোৱা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেনীৰ প্ৰতিষ্ঠাপক কৰ্মচাৰীৰ অৱসৰ

    ■ দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান সানোৱা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী ইব্ৰাহীম আলীয়ে বৃহস্পতিবাৰে অৱসৰ গ্ৰহন কৰে।

    অৱসৰ উপলক্ষে বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী গোটৰ তৰফৰ পৰা ক’ভিড প্ৰ’টকল মানি বিদ্যালয়ৰ অধ্যক্ষ নুৰুল হকৰ সঞ্চালনাত অনুষ্ঠিত কৰা বিদায় সভাত অবসৰী চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী গৰাকীক গামোছা, সম্বৰ্দ্ধনা পত্ৰ, শৰাই, গছৰ পুলি, গ্ৰন্থ, ছাটি আৰু ফুলৰ থোপা আদিৰে সন্মানিত কৰা হয়।

    লগতে সভাত উপস্থিত থকা বিদ্যালয়ৰ অবসৰী সহকাৰী শিক্ষক, বিশিষ্ট সাহিত্যিক, জিলা কৃতী শিক্ষকৰ বঁটা প্ৰাপক খাইৰুল হুছেইনে ইব্ৰাহীম আলীৰ জীৱনৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে।

    সুদীৰ্ঘ দুকুৰী পাঁছ বছৰীয়া কৰ্ম জীৱনত কোনো দিনে “নোৱাৰো” শব্দটি নোকোৱা অবসৰপ্ৰাপ্ত ইব্ৰাহীম আলীৰ সানোৱা অঞ্চলৰ শৈক্ষিক জগত খনিলৈ আগবঢ়োৱা অবদানৰ কথা বিদ্যালয় তথা সানোৱাৰ ইতিহাসত স্বৰ্নীল আখৰেৰে লিখা থাকিব বুলিও তেখেতে বক্তব্যত উল্লেখ কৰে।

    খাইৰুল হুছেইনৰ উপৰিও বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত শিক্ষক মৌলানা আজমল হুছেইন, পবিত্ৰ ৰাম নাথ, চামছুল হক, হিতেশ্বৰ নাথ লগতে বিদ্যালয়ৰ কৰ্মৰত শিক্ষক সকলেও বক্তব্য প্ৰদান কৰে। উক্ত সভাত কৰ্মৰত অৱস্থাত বিদ্যালয়ৰ সভাত কোনো দিনে বক্তব্য প্ৰদান নকৰা কৰ্মচাৰী ইব্ৰাহীম আলীয়ে নিজৰ কৰ্মময় জীৱনৰ অভিজ্ঞতা সম্বলিত দীৰ্ঘ সময় ধৰি প্ৰদান কৰা বক্তব্যই উপস্থিত সকলোকে আপ্লুত কৰি ৰাখে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds