♦নলবাৰীঃ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত টিহু উন্নয় খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ১৪ ফেব্ৰুৱাৰীত টিহুৰ নতুন বণিয়াকুছি গোপীনাথ মন্দিৰ প্ৰাংগণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰূদ্ধে জনজাগৰণ সৃষ্টিৰ উদ্দেশ্যে এখনি ৰাইজমেল সম্পন্ন হয়।
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক অণিমা কলিতা ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু সমাজকৰ্মী প্ৰমোদ চন্দ্ৰ ডেকাই পৌৰোহিত্য কৰা ৰাইজমেলত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি ক্ৰমে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰীয়া মুখ্য মহাপ্ৰবন্ধক কুলেশ শৰ্মাই কয় যে আমি শিক্ষিত হৈ পঢ়া শুনা কৰি জ্ঞান অৰ্জন কৰিলেহে অন্ধবিশ্বাস- কুসংস্কাৰৰ পৰা মুক্ত হ’ব পাৰিম। ইন্টাৰনেচনেল হিউমেন ৰাইটচ্ কাউন্সিলৰ আছাম ষ্টেট বোৰ্ডৰ জেনেৰেল চেক্ৰেটাৰী অজিত কুমাৰ শৰ্মাই কয় যে আমাৰ ঘৰলৈ অহা সকলো ধৰ্ম–সম্প্ৰদায় লোকক ভাল আচৰণ কৰাটো আমাৰ সংস্কাৰ, কিন্তু অন্য ধৰ্ম বা সম্প্ৰদায়ৰ লোক অহা বাবে ঘৰ–চোতালত যদি গোবৰ পানী ছটিওৱা হয় সেয়া হয় কুসংস্কাৰ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই কয় যে, সমাজত অন্ধবিশ্বাস এচাম ধুৰন্ধৰ লোকে বিয়পাই আছে।
শিক্ষক হিতেশ মেধিয়ে আঁত ধৰা সমাজকৰ্মী মাধৱ শৰ্মা, অমৰ দাস, অঞ্জন দাস, কিশোৰ ঠাকুৰীয়া, গোৱৰ্দ্ধন দাস, মীৰা দাস, নলিনী দাস, চাৰু দাস, ধীৰেশ্বৰ পাঠক প্ৰমুখ্যে কেবাগৰাকী আগশাৰীৰ লোক উপস্থিত থকা এই সভাখনত ভালুকডঙা বিদ্যামন্দিৰৰ প্ৰধান শিক্ষক কুলেন্দ্ৰ পাটোৱাৰী, ভাৰতী হাইস্কুলৰ প্ৰধান শিক্ষক অজিত মেধি আৰু ভাৰতী হাইস্কুলৰ শিক্ষয়িত্রী অলকা বুজৰবৰুৱায়ো প্ৰাসংগিক ভাষণ প্ৰদান কৰে।
Leave a Reply Cancel reply