বোকাখাত স্বেচ্ছাসেৱী সংগঠন Wariors ৰ সজাগতা সভা :
কাজিৰঙা ১৩ ফেব্ৰুৱাৰী ::
মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত কাজিৰঙা আঞ্চলিকৰ সৌজন্যত দেওবাৰে এখনি সজাগতা সভা অনুষ্ঠিত হয়।
দেওবাৰে স্বেচ্ছাসেৱী সংগঠন Wariors ৰ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত কাজিৰঙা আঞ্চলিকৰ সৌজন্যত বোকাখাত নগৰৰ সেউজী পাৰত জনসংযোগ সম্পাদিকা অৰ্পনা কটকীৰ বাসগৃহত এই সজাগতা সভা অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে ৰাজ্যিক সমন্বয়ক ও গোলাঘাট জিলা সমিতিৰ সভানেত্ৰী তথা কাজিৰঙা আঞ্চলিকৰ উপদেষ্টা বনশ্ৰী গগৈ , কাজিৰঙা আঞ্চলিকৰ সম্পাদিকা পূৰ্ণিমা কলিতা,বিত্ত সম্পাদক পলাশ জ্যোতি বৰা, জনসংযোগ সম্পাদিকা অৰ্পনা কটকী আৰু স্থানীয় মহিলা সকল।
সভা খনত সভাপতিত্ব কৰে জিলাৰ সভানেত্ৰী বনশ্ৰী গগৈয়ে ।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিকৰ সম্পাদিকা পূৰ্ণিমা কলিতাই ।
উদ্দেশ্যৰ আঁত ধৰি বনশ্ৰী গগৈয়ে স্বেচ্ছাসেৱী সংগঠন Wariors কি,ইয়াৰ প্ৰসাৰ, লক্ষ্য উদ্দেশ্য আদিৰ বিষয়ে উপস্থিত ৰাইজক সুন্দৰ ভাৱে প্ৰকাশ কৰে।
বিত্ত সম্পাদক পলাশ জ্যোতি বৰাই কেনেকৈ মহিলা সকলে ইয়াৰ নিজৰ প্ৰাপ্য সন্মান তথা অধিকাৰ আদায় কৰিব পাৰি সেই বিষয়ে সকলোকে অৱগত কৰে।
ইয়াৰ লগতে আঞ্চলিকৰ সম্পাদিকা পূৰ্ণিমা কলিতাই বৰ্তমানলৈকে আঞ্চলিকৰ সৌজন্যত গ্ৰহণ কৰা কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰে। জনসংযোগ সম্পাদিকা অৰ্পনা কটকীয়ে নিজৰ উদাহৰণৰে সংস্থাটোৰ সদস্যহৈ তেওঁৰ অনুভৱ সম্পৰ্কে অৱগত কৰে ৰাইজক।ইফালে কল্যাণকামী সংস্থাৰ প্ৰতি সভাত উপস্থিত থকা মহিলাসকলৰ বহু কেইগৰাকীয়ে এই সংস্থাত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ।
Leave a Reply