বিশ্বনাথৰ ছিলামাৰী চাপৰিত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপনঃ
বিশ্বনাথ জিলাৰ অন্তৰ্গত বাঘমাৰীৰ ছিলামাৰী চাপৰিৰ BASSPৰ বিত্ত সম্পাদক আশ্ৰাফ আলীৰ বাসগৃহৰ তিনিআলিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বাঘমাৰী আঞ্চলিক সমিতি উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় সংগীতৰে তপতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি ইমাম হুছেইনে সহযোগ কৰে উপদেষ্টা ছহিদুল ইছলাম আৰু জিলা সম্পাদক দিল ইছলামে।
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি উপস্থিত কেইবাজনো যুৱকে মন্তব্য আগবঢ়োৱাৰ লগতে সভাপতি ইমাম হুছেইনেও গণৰাজ্য দিৱসৰ লগতে সংবিধান অধিকাৰ আৰু ত্ৰিৰংগা সম্পৰ্কে বক্তব্য আগবঢ়ায়।
উক্ত কাৰ্যসূচীত পতাকা উত্তোলনৰ পিছত দেশৰ বাবে প্ৰাণ আহুতি দিয়া দেশৰ বীৰ-বিৰাংগনা স্মৰণ কৰা হয়।
সাধাৰণ সম্পাদক মোস্তাফিজুৰ ৰহমান আৰু আমিল হ’ক, কাৰ্যকৰী সভাপতি জৈয়ব আলি, বিত্ত সম্পাদক আশ্ৰাফ আলি, উপসভাপতি ছফিকুল ইছলাম, শিক্ষা সম্পাদক ছাইফুল ইছলাম, সম্পাদক আমিজুল হক, নুৰ হুছেইন,হাচেন আলী লগতে অঞ্চলটো ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰিও শতাধিক ৰাইজ উপস্থিত থাকে।
Leave a Reply