♦বিধান সভা নিৰ্বাচনত আমছুয়ে প্ৰতিনিধিত্ব কৰিব
♦বিজেপিয়ে সংখ্যাঘলু মানুহক প্ৰতাৰণা কৰিছে
♦পুনৰবাৰ ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেন শেখ নিৰ্বাচিত
গৌৰিপুৰৰ পৰা আনিছুৰ আলিঃ ধুবুৰীত ধুবুৰী জিলা আমছুৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আমছুৰ ভেটি শক্তিশালী কৰাৰ লক্ষৰে প্ৰতিটো জিলা সমিতি গঠন কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ অসম-বংগ সীমান্ত গোলকগঞ্জত সাধাৰণ সভাৰ লগতে প্ৰতিনিধিত্ব মূলক সভাৰ আয়োজন কৰে। সভাখনত ধুবুৰী জিলা সমিতিৰ সভাপতি হিচাপে পুনৰবাৰ আব্দুল বাতেন শেখক নিৰ্বাচিত কৰাৰ পূৰ্ণাংগ কমিটী গঠন কৰে।
আমছুৰ কেন্দীয় উপ-সভাপতি খাইৰুল হকৰ মতে ৰাজনৈতিক দল সমূহে সংখ্যাঘলু মানুহক কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে সেয়ে আগন্তুক বিধান সভা নিৰ্বাচনত আমছুয়ে প্ৰতিনিধিত্ব কৰাৰ ইংগিত দিয়ে। বাতেনে পূৰ্বতে বাল্য বিবাহ, কু সংস্কাৰ, শিক্ষা আদিৰ ক্ষেত্ৰত আগভাগ লৈছে।
Leave a Reply