বিহালীৰ নীলবাৰীত বৰগাং নদীৰ বুকুত পাৱাৰগ্ৰীড কোম্পানীৰ খুটা নিৰ্মানকলৈ প্ৰতিক্ৰিয়া

বিহালীৰ নীলবাৰীত বৰগাং নদীৰ বুকুত পাৱাৰগ্ৰীড কোম্পানীৰ খুটা নিৰ্মানকলৈ প্ৰতিক্ৰিয়া

বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভীল নীলবাৰীত পাৱাৰগ্ৰেড কোম্পানীয়ে খুটা নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যকলৈ আজি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়।

উল্লেখযোগ্য যে, বিগত ২০১২,২০১৩ চনতে পাৱাৰগ্ৰেড কোম্পানীয়ে বিহালীৰ নীলবাৰীত বৰগাং নদীৰ বুকুত বিদ্যুৎ পৰিবাহী ‌বৃহৎ বৃহৎ চাৰিটা খুটা খুঁটা নিৰ্মাণ কৰিছিল।

খুঁটা নিৰ্মাণৰ পিছতে বাৰিষা নদীৰ পানী বৃদ্ধি হোৱাৰ লগে লগে দাতীকাষৰীয়া অঞ্চলটোত তীব্ৰ গঢ়াখহনীয়া হয়।

এই গঢ়াখহনীয়াত ৫ পৰিয়ালৰ ঘৰ নদীৰ বুকুত জাহ যোৱাৰ উপৰিও কেইবাজনো কৃষকৰ কৃষি ভূমি আৰু বৰভীল চাহ বাগিচাৰ বৃহৎ অঞ্চল খহনীয়াত জাহ যায়।

লগে লগে স্থানীয় ৰাইজে বিভিন্ন সংগঠনৰ সহযোগত প্ৰশাসনৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ প্ৰতিবাদত সেও মানি পাৱাৰগ্ৰীড কোম্পানীৰ দুজন বিষয়াই খতিগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰি খতিগ্ৰস্থ সকলক খ্যতিপূৰণ দিয়াৰ মৌখিক প্ৰতিশ্ৰুতি দিয়ে।

২০১৬ চনতে কোম্পানীৰ বিষয়াই দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ।

এনে সময়তে আজি পাৱাৰগ্ৰীড কোম্পানীৰ দুজন কৰ্মচাৰী খুটা কেইটাৰ ওপৰ অংশ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ আহে। লগে লগে স্থানীয় লোকৰ প্ৰতিবাদৰ সন্মূখীন হয় পাৱাৰগ্ৰীড কোম্পানীৰ কৰ্মচাৰী সকল।

ক্ষতিগ্ৰস্ত সকলক ক্ষতি পূৰণ নিদিয়া পৰ্যন্ত খুটাৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ দাবী জনায় অঞ্চলটোৰ সচেতন লোক সকলে।

অঞ্চলটোৰ লোক সকলক উপযুক্ত ক্ষতি পুৰণ নিদিয়া লৈকে পাৱাৰগ্ৰীড কোম্পানীৰ লোকক খুটা নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি বিভিন্ন দল সংগঠনে হুংকাৰ দিয়ে ‌।

Be the first to comment

Leave a Reply

Your email address will not be published.


*