প্ৰকৃতিৰ বাবে এদিন
বৃহস্পতিবাৰে প্ৰকৃতিৰ বাবে বিহালী পৰিধিৰ যৌথ উদ্যোগ ( Joint Initiative of Behali Arc for Nature) চমুকৈ JIBAN ৰ সৌজন্যত তৃতীয়টো পদক্ষেপ ।
স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে বৃস্হপতিবাৰে বিহালী সমষ্টিৰ বৰগাংৰ অন্যতম আগশাৰী শিক্ষা অনুষ্ঠান জ্ঞানম অকাডেমী ছিনিয়ৰ ছেকেণ্ডৰী স্কুলত উপস্থিত হয় ।
উপস্থিত হৈ ছাত্র-ছাত্ৰী সকলৰ মাজত এখন সজাগতা মূলক আলোচনা সভা অনুষ্ঠিত কৰা লগতে বিদ্যালয় খনৰ প্ৰাংগণত বৃক্ষৰোপন কৰে।
উল্লেখযোগ্য যে
স্বেচ্ছাসেৱী সংগঠনটোৰ অভিযানৰ মূল লক্ষ্য আৰু উদেশ্য হ’ল প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু স্বচ্ছতা।
দিনক দিনে বাঢ়ি অহা অক্সিজেনৰ নাটনি আৰু পৰিস্কাৰ পৰিচ্চন্নতাৰ অভাৱত বিভিন্ন ৰোগৰ আৰ্বিভাৱ হোৱা হেতুকে জনমানসত সচেতনতাৰ আৰম্ভ কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে।
যোৱা কেইবাদিন ধৰি বিহালী বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰা লগতে গছ পুলি সংৰক্ষণৰ ব্যৱস্থাও সজাগতা সৃষ্টি কৰি আহিছে।
Leave a Reply