কালমুৱাত বিভিন্ন দল সংগঠনৰ পথ অৱৰোধ

nalbari protest

বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন।
মুকালমুৱাৰ পৰা চামতালৈ লোকনিৰ্মান (গৃহ) বিভাগৰ কাৰ্যালয় স্থানান্তৰৰ প্ৰতিবাদত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।
মুকালমুৱাত ১৯৯৩ চনতে স্হাপন কৰা গড়কাপ্তানি (গৃহ)বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টো চামতালৈ স্থানান্তৰৰ নিৰ্দেশ বাটিলৰ দাবীত এই এক ঘন্টিয়া পথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ কৰ্মী সকলে।
কাৰ্যালয়তো স্থানান্তৰৰ বিভাগীয় নিৰ্দেশৰ পিছতেই জাঙুৰ খাই উঠিছে বৰক্ষেত্ৰীৰ বিভিন্ন দল সংগঠন।
বৰক্ষেত্ৰীৰ সৰ্বস্তৰৰ লোক ওলাই আহি চৰকাৰৰ এই কাৰ্যালয় স্থানান্তৰৰ সিদ্ধান্ত বাতিলৰ দাবী জনাইছে।

ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*