■ আমেৰিকাৰ চিকাগো চহৰত স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম মহা সভাত ভাষণ প্ৰদান কৰি ভাৰতীয় সংস্কৃতি আৰু হিন্দু দৰ্শনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিনটোৰ স্মৰণ কৰা হয়।
ক্ৰীড়া ভাৰতীয় যুৱ সমাজৰ কল্যানৰ হকে প্ৰতিবছৰে ৰাষ্ট্ৰ প্ৰেমৰ ভাব জাগ্ৰত কৰা আৰু সু নেতৃত্ব প্ৰদানেৰে প্ৰগতিৰ দিশত আগবঢ়াই নিব পৰাকৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি নলবাৰী মহাবিদ্যালয় খেলপথাৰত ভাৰত জাগো দৌৰ কাৰ্যসূচী ৰুপায়ন কৰে।
অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ভাষনত কয়, আমি ভগবান বিশ্বাসী হব লাগে, কিন্তু অন্ধবিশ্বাসী হব নালাগে। স্বামী বিবেকানন্দৰ উক্তি উদ্ধৃতিৰে বিধায়ক বৰুৱাই কয়, লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে ৰব নালাগে। নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি লক্ষপ্ৰাপ্তিৰ হকে কাম কৰি যাব লাগে বুলিও বিধায়ক গৰাকীয়ে ভাষনত সদৰি কৰে।
আজিৰ এই অনুষ্ঠানটোত ফ্লেগ অফ কৰি সমুহীয়া দৌৰ কাৰ্যসূচীটো শুভাৰম্ভ কৰে নলবাৰী ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া জয়প্ৰকাশ মহন্তই।
অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘ চালক ডা: উমেশ চক্ৰৱৰ্ত্তীকে ধৰি বিভিন্নজনে ভাষণ প্ৰদান কৰে।
Leave a Reply Cancel reply