কালভাৰ্ট সংস্থাপনৰ দাবীত বৰাজোল আছুৰ স্মাৰক পত্ৰ

■ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই আকনা-বৰাজোল অঞ্চলৰ কেইবাটাও কালভাৰ্ট পুনৰ সংস্থাপনৰ দাবীত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়াৰ জৰিয়তে নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবিষয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰে। বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ ১৪ নং পূব বনভাগ গাওঁ পঞ্চায়তৰ অন্তৰ্গত আকনা গাঁৱৰ কেইবাটাও কালভাৰ্ট ভগ্ন অৱস্থাত থকাৰ ফলত জনসাধাৰণে চূড়ান্ত সমস্যাৰ সন্মুখীন হৈছে।

উল্লেখযোগ্য যে বৰাজোল বজাৰ-আকনা সংযোগী পথত এটা, ৰামপুৰ-আকনা সংযোগী পথত দুটা আৰু আকনা-পোনৰ কাউনীয়া পথত এটা কালভাৰ্ট সম্পূৰ্ণ ভগ্ন অৱস্থাত আছে। এই কালভাৰ্ট কেইটাৰে চাৰিচকীয়া যান-বাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাৰ বিপৰীতে চাইকেল, বা মটৰ চাইকেলেৰ অতি বিপদ সংকুল ভাবে জনসাধাৰণ চলাচল কৰিব লগা হৈছে। তদুপৰি যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা কৰা হৈছে।

বৰাজোল আছুৰ সভাপতি জীৱনজ্যোতি ডেকা আৰু সাধাৰণ সম্পাদক আতিকুৰ ৰহমান স্বাক্ষৰিত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকণ কলিতা, জিলা কাৰ্যনিৰ্বাহক সদস্য আজিজুল ইছলাম, আঞ্চলিক ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক ৰমজান আলী প্ৰমুখ্যে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়া মণিষা কলিতাৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰি জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আজিজুল ইছলামে অতিশীঘ্ৰে সমস্যা সমাধান কৰিবলৈ দাবী জনায় অন্যথা জনসাধাৰণৰ সহযোগত কঠোৰ গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*