■ নলবাৰী জিলাৰ অন্তৰ্গত বৰমাৰ নিকটবৰ্তী বৰজাৰৰ দুই ভাতৃ পথাৰৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। জানিব পৰা মতে বৰজাৰৰ কৃষ্ণ বৰ্মনৰ দুই পুত্ৰ ক্ৰমে ধীৰাজ বৰ্মন (১৪) আৰু নিলকমল বৰ্মন (৮) গাঁৱৰে পথাৰৰ এটা পুখুৰীত মাছ ধৰিবলৈ গৈছিল।
কিছুসময় পিছতে দুয়ো ভাতৃক পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে স্হানীয় লোকে। ততাতৈয়াকৈ দুয়োজন কিশোৰকে পাৰলৈ উঠাই আনি জানিব পাৰে যে, ইতিমধ্যে দুয়োজনৰ মৃত্যু হৈছে। সমগ্র ঘটনাটোক লৈ বৰজাৰ গাঁৱত হুৱা দুৱা লাগে। সম্প্ৰতি দুই ভাতৃৰ মৃত্যুত অঞ্চলজুৰি শোকৰ বন্যা বৈছে। উল্লেখ্য যে ধীৰাজ বৰ্মন অষ্টম আৰু নীলকমলে পঞ্চম শ্ৰেনীত অধ্যয়নৰত আছিল।
Leave a Reply Cancel reply