♦ আজি নলবাৰী ছোৱালী হাইস্কুল ভেক্সিন চেন্টাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়!
একাংশই অভিযোগ উত্থাপন কৰিছে যে দীঘলীয়া শাৰী পাতি বহুতো লোকে যোৱা কালি নিশাৰে পৰা ভোকে-পিয়াহে থিয় হৈ আছে যাতে সোনকালে ভেক্সিন লৈ তেওঁলোকে নিজৰ নিজৰ কামে কাজে ওলাই যাব পাৰে।
কিন্তু একাংশ বাহিৰা মানুহ আহি কোনো ধৰণৰ শাৰী নপতাকৈয়ে কোনো নিয়ম নমনাকৈ ভিতৰত গৈ ভেক্সিন গ্ৰহন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু তাৰ কিছু সময় পিছতে স্বাস্থ্য কৰ্মী সকলে ভেক্সিন শেষ হোৱা বুলি ঘোষণা কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ভেক্সিন কেন্দ্রটোত। লগে লগে আৰক্ষী, চি আৰ পি এফ বাহিনী আৰু নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত উৰ্মী ডেকাই ঘটনাস্হলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। লগতে জিলাখনৰ ভেক্সিন নিয়ন্ত্রণ তথা চোৱা চিতাৰ দায়িত্বত আছে জিলা খনৰ অতিৰিক্ত উপায়ুক্ত উৰ্মী ডেকা। ভেক্সিন প্ৰদানৰ ক্ষেত্ৰত জিলাখনৰ অতিৰিক্ত বিষয়া উৰ্মী ডেকাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যনীয় হ’ব।
Leave a Reply Cancel reply