♦ভূঁই ৰোৱাৰ মাজে মাজে মন্ত্ৰীৰ পত্নীয়েও জোৰিলে বিহু নাম
♦বৰ্তমান সময়ত ৰাজ্যত এতিয়া খেতিৰ বতৰ। ৰাজ্যৰ চৌদিশে কৃষক সকল ব্যস্ত হৈ পৰিছে খেতি পথাৰত। আঘোণৰ সোণোৱালী পথাৰৰ সপোন দেখি পুৰুষ-মহিলা সকলোৱে লাগি পৰিছে আপোন পথাৰখন সেউজীয়া কৰাত।
এয়া চৰাইদেউ জিলাৰ ৰোকাঙৰ হাতীবৰুৱা পথাৰ। মন্ত্ৰী যোগেন মহনৰ ঘৰৰ আপোন পথাখন। মন্ত্ৰীজনৰ পথাৰত অনুষ্ঠিত হৈছে নভূঁই। ইয়াত দেখা পোৱা গৈছে বিভিন্ন ঠাইৰ পৰা অহা ৰোৱনী। মুঠতে সীমাহীন ব্যস্ততা। মন্ত্ৰীজনৰ ধন্যবাদৰ পাত্ৰ হবলৈ যেন হেতা ওপৰা ৰোৱনীৰ মাজত। কোনোবা গৰাকী আকৌ আহিছে সুন্দৰ পোচাক পৰিধান কৰি। মুঠতে মন্ত্ৰীৰ খেতি আহিছে ৰোৱনী গাইছে গীত। চাৰিওফালে আনন্দৰ জোৱাৰ। মন্ত্ৰীজন বিশেষ কামত গুৱাহাটীত ব্যস্ত থকাত আগভাগ লৈছে মন্ত্ৰীজনৰ পত্নীয়ে।
বিজেপিৰ মহিলা মৰ্চাকে আদি কৰি গাঁৱৰ মহিলা সকলো পথাৰত উবুৰি খাই পৰিছে। পথাৰত হাঁহ-কোমোৰাৰে এসাঁজ একেলগে খোৱাৰ সময়ত মন্ত্ৰীজনৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে ৰোৱনীসকলে।
Leave a Reply