ৰঙিয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়াত কেইবাটাও অনুষ্ঠান উদ্বোধন কৰা লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰাৰ লগতে নতুনকৈ সাজি উলিওৱা ক্লক টাৱাৰো উদ্বোধন কৰে।

ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। আজি এই আঁচনিৰ জৰিয়তে প্রায় ৩৩ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয়। অহা জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত ৩২ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জানিবলৈ দিয়ে।





