■ মানুহৰ অভিজ্ঞতাৰ প্ৰেক্ষাপটত সময় হৈছে এক জটিল ধাৰণা
সময়ে আমাৰ জীৱন/আমাৰ অস্তিত্ব আৰু পৰিৱৰ্তনৰ ধাৰণাক গঠন কৰে৷ সময় হৈছে অবিৰত প্ৰবাহমান গতি৷
অতীত/বৰ্তমান আৰু ভবিষ্যত এই তিনি সুঁতিৰে সময়ক বান্ধি ৰাখিবলৈ চেষ্টা কৰা হয়। সম্পৰ্ক আৰু বান্ধোনৰ স’তে এক জটিল কাঠামো সাজি সময়ে আমাক
আন্দোলিত কৰে৷
পৌৰাণিক অভিজ্ঞতাভিত্তিত সময়ক প্ৰকৃতিৰ বিভিন্ন চক্ৰৰদ্বাৰা পৰ্যবেক্ষণ কৰা হৈছিল৷ সূৰুযৰ উদয় -অস্ত; পৰিৱৰ্তিত ঋতু চক্ৰ/চন্দ্ৰৰ স্থিতি আদি আছিল সময় জোখা উপকৰণ৷ ধ্ৰুপদী দৃষ্টিভংগীৰ দ্বাৰা সময় হৈছে বস্তুনিষ্ঠ ৰৈখিক ধাৰা। য’ত নেকি ঘড়ী/কেলেণ্ডাৰৰ দ্বাৰাই ইয়াক জুখিব পাৰি। আনহাতে সময়ৰ অধ্যয়ন শৈলীত মাধ্যাকৰ্ষণ শক্তিৰ স’তে বিভিন্ন গ্ৰহ নক্ষত্ৰৰ গতিও জড়িত৷ দাৰ্শনিক দৃষ্টিভংগীৰে সময়ৰ স’তে মানুহৰ উপলব্ধি/স্মৃতি আৰু আবেগ জড়িত হৈ আছে।
উদাহৰণস্বৰূপে একেজন ব্যক্তিৰেই ১৬/১৮ বছৰ বয়সত যিখিনি আবেগ অন্তৰত থাকে সেই আবেগ ৬০/৬৫ বছৰ বয়সত সম্পূৰ্ণ বেলেগ হয়৷
এয়া হৈছে ব্যক্তিৰ ওপৰত সময়ৰ প্ৰভাৱ। সময়ৰ লগে লগে এজন ব্যক্তিৰ বুজিপোৱা শক্তি/কথা কোৱাৰ ধৰণ সকলো সলনি হয়৷
এজন ব্যক্তিয়ে নিজক সলনি নকৰো বুলি ভাবিব নোৱাৰে৷ কিয়নো সময়ে তেওঁক সলনি কৰিবই৷ এয়াই হৈছে সময়ৰ মানুহৰ ওপৰত থকা নিয়ন্ত্ৰণ বা সময়ৰ অপ্ৰতিৰোধ্য গতি৷
অতীতৰ পৰাই বিশ্বাস কৰা হয় ‘সময় ধন৷’
সচাঁই সময় ধনৰ দৰেই এক মূল্যৱান সম্পদ৷ এবাৰ ধন টকা পইছাৰ লোকচান হ’লে সেই ধন ঘূৰাই পোৱা যিদৰে অসম্ভৱ সেইদৰে সময় হেৰালেও ঘূৰাই পোৱা অসম্ভৱ৷
ভূপেন হাজৰিকাদেৱেও গীতত গাইছে – ‘কঁহুৱা বন মোৰ অশান্ত মন/আলফুল হাতেৰে লোৱা সাৱটি/এটি এটি ক্ষণ যেন মুকুতাৰে ধন/এনেয়ে হেৰুৱালে নাহে উভটি ৷’ আমি আমাৰ সময় কেনেদৰে ব্যৱহাৰ কৰিছোঁ তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ উৎপাদনশীলতা/আৰ্থিক সফলতা তথা জীৱনৰ মানদণ্ডৰ ওপৰত পৰে৷ ব্যৱসায়িক প্ৰেক্ষাপটত এজন কৰ্মচাৰীয়ে কামত খৰছ কৰা সময়ৰ পৰিমাণে এটা কোম্পানীৰ স্থিতি নিৰ্ভৰ কৰিব পাৰে৷ দেখা যায় একেটা কামকে এজন কৰ্মচাৰীয়ে যদি ৬ ঘন্টা খৰছ কৰি কৰে কিন্তু আন এজন কৰ্মচাৰীয়ে যদি ৩ ঘন্টা খৰছ কৰি কৰে তেনেহ’লে সেই কোম্পানীয়ে ৩ ঘন্টাত কাম শেষ কৰা ব্যক্তিজনক অগ্ৰাধিকাৰ দিব।
‘সময় ধন’ এই ধাৰণাটোৱে আধুনিক সমাজত য’ত উৎপাদনশীলতা আৰু দক্ষতাৰ গুৰুত্ব আছে তাত তাৎপৰ্য্য লাভ কৰিছে৷
প্ৰযুক্তিৰ উন্নতিয়ে জীৱনৰ গতি বৃদ্ধি কৰিছে। সময়ে মানুহক আগবাঢ়ি আহিবৰ বাবে সহায় কৰিছে৷
আন এক দৃষ্টিভংগীৰে বৰ্তমান আমাৰ সমাজৰ এটা শ্লোগান হৈছে ‘সময় নাই ৷’
মানুহে যেতিয়া এই ধাৰণাটোক জীৱন সজাবলৈ এৰি দিয়ে তেতিয়া এই ধাৰণাটোৱে তেওঁক বশীভূত কৰি লয়৷ এই ধাৰণাটো ইমান বেছি প্ৰভাৱশালী যে মানুহে ভাল সময়ৰ শলাগ ল’বলৈকো পাহৰি যায়৷ অহৰহ ‘সময় নাই’ এই ধাৰণাই ব্যক্তিৰ উৎসাহজনক আবেগক হতাশালৈ পৰিৱৰ্তন কৰে৷ ফলত সৃষ্টিশীলতা বা উদ্যমশীলতাৰ অভাৱে মানুহক মানসিকভাৱে পংগু কৰি তোলে৷ সময়ৰ অভাৱে এজন ব্যক্তিক সময়ৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাবলৈ বাধ্য কৰে৷
পেশাগতভাৱে দিবলগীয়া সময়ৰ উপৰিও এজন মানুহৰ হাতত বহুত সময় থাকে৷ সময় তেওঁ কেনেদৰে ব্যৱহাৰ কৰে তাৰ ওপৰত এজন মানুহৰ ব্যক্তিত্ব গঢ় লৈ উঠে। সময় ইমানেই শক্তিশালী যে এজন ব্যক্তিৰ শাৰীৰিক মানসিক স্থিতিক সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে৷ সময়ক দূৰ্লভ সম্পদ হিচাপে যদি এগৰাকী ব্যক্তিয়ে ব্যৱহাৰ কৰে তেনে তেওঁ অধিক মননশীল হৈ জীয়াই থাকিব পাৰে৷ সময়ে আমাক ভাৰসাম্যতাৰ বিষয়ে শিকাব পাৰে।
ইচ্ছাকৃতভাৱে আমাৰ জীৱনত জিৰণি/শুদ্ধ পথৰ সংযোগ তথা নিজৰ আৱেগ অনুভূতিৰ প্ৰতিফলনৰ বাবে আমি যদি সময়ক ব্যৱহাৰ কৰো তেনে সময়ে আমাক যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ কোনো সুযোগেই নাপাব৷
প্ৰকৃত অৰ্থত সময় বোৱতী নদীৰ দৰে৷
সময়ে সুখ -দুখ/বিষাদ -কাৰুণ্য সকলো কঢ়িয়াই৷ সময় বতাহৰ দৰে। কেতিয়াবা সুগন্ধি সুৰভিৰে আমাৰ জীৱন সজায়৷ সময় ধুমুহাৰ দৰে৷ কেতিয়াবা আমাক গছৰ দৰে উভালি পেলায়৷
সময়ে দিয়া ঘা সময়ে শুকুৱাই/সময়ে দিয়া অশ্ৰুকণা সময়ে মচি দিয়ে৷
‘সময়ৰ টিকনি আগফালে উৰে’ বুলি আপুনি মই সকলোৱে বিশ্বাস কৰো৷ সময়ৰ অধ্যয়নে গভীৰ দাৰ্শনিক প্ৰশ্নৰ উত্থাপন কৰে।
আগাষ্টিনৰ দৰে কিছুমান দাৰ্শনিকে যুক্তি দিছে যে সময় হৈছে মানুহৰ মনৰ এক নিৰ্মাণ কাৰ্য। এই কাৰ্য আমাৰ সচেতনতাৰ ওপৰত নিৰ্ভৰশীল৷ পদাৰ্থ বিজ্ঞানীসকলে সময়ক লৈ আন এটা দৃষ্টিভংগী আগবঢ়ায়৷
সময়ক স্থানৰ দৰে এক মাত্ৰা দিয়ে। মহাজাগতিক কাঠামোত সময়ে কেনেকৈ কাম কৰিব পাৰে তাৰওপৰত তেওঁলোকে অন্বেষণ কৰে।
আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব অনুসৰি সময় নিৰপেক্ষ নহয়৷ ই আপেক্ষিক; গতি আৰু মাধ্যাকৰ্ষণৰ দ্বাৰা প্ৰভাৱিত৷
এই প্ৰসংগতে ‘সময়ৰ প্ৰসাৰণ ‘ এই ধাৰণাটো আমি জুকিয়াই চাব পাৰো। উদাহৰণস্বৰূপে আমি ক’ৰবালৈ গৈছোঁ বা আহিছোঁ।
এই দূৰত্ব যদিও সমান হয় তথাপি আমি এনেকুৱা অনুভৱ কৰিবপাৰো যে যাওঁতে ইমান দেৰি লাগিল কিন্তু আহোঁতে ইমান সোনকাল যেন লাগিল৷ সময় প্ৰসাৰণৰ ই এক সৰু উদাহৰণ মাত্ৰ।
মানুহৰ জীৱন শৈলীত সময় সচাঁকৈয়ে এক শক্তিশালী শক্তি। সময় স্মৃতি হয়। সময় বৰ্তমান হয়।
সময়ে বহুত দিয়ে বহুত লৈ যায় ৷দিয়া -লোৱা সময়ৰ খেল৷
সময়ে মানুহক পুতলা সজায়। সময়ে ভিখাৰীক ৰজা বনায়। সময়ে ৰজাক ভিখাৰী বনায়।
সময়ে কি কৰিব নোৱাৰে? সময়ে কি কৰা নাই ?
ৰত্নাকৰক বাল্মিকী হ’বলৈ সময়ে সহায় কৰিছিল৷ ৰাজপুত্ৰ ৰামক বনবাসী হ’বলৈ সময়ে বাধ্য কৰিছিল৷
সিদ্ধাৰ্থক বুদ্ধ হ’বলৈ সময়ে শিকাইছিল৷ সংস্কৃতত এষাৰ কথা আছে “সময়ং বিহায় কিমপি অস্মাকং নাস্তি৷” অৰ্থাৎ সময়ৰ বাহিৰে আমাৰ নিজৰ বুলিবলৈ কোনো নাই৷ আমাৰ দৈনন্দিন জীৱনত সময় নিৰন্তৰ আৰু অনিৰ্বায৷ আমি সময়ক জুখিব বিচাৰো/নিয়ন্ত্ৰণ কৰিব বিচাৰো৷ এই যি প্ৰচেষ্টা এয়াই হৈছে জীৱন৷ সময়ে আমাক জীৱন দিয়ে/সময়ে আমাৰ জীৱন লয়৷
গতিকে জন্ম মৃত্যুৰ সীমাৰেখাডালৰ মাজত মাথোঁ জীয়াইহে থাকিব বিচাৰে নেকি সময়ৰ স’তে?
সময় আপোনাৰ, জীৱন আপোনাৰ৷
সেয়েহে সময়ক লৈ জীৱন উদযাপন কৰক৷
জীৱন জিন্দাবাদ বুলি এবাৰ চিঞৰি দিয়কচোন; চাব সময় আপোনাৰ বন্ধু হৈ পৰিব ততালিকে…।
● বন্দনা মহন্ত, ডিব্ৰুগড়
ফোন- 6000284696
Leave a Reply Cancel reply