উত্তৰ গুৱাহাটীত ষঠ্ পূজা পালন, সন্ধিয়া সাংস্কৃতিক মঞ্চ মুকলি কৰিলে ৰঞ্জিত ভট্টাচাৰ্য্যই

উত্তৰ গুৱাহাটীঃ তীৰ্থ নগৰী উত্তৰ গুৱাহাটীৰ  মধ্যমখণ্ড ঘাটৰ বালি চাপৰিত অসমীয়া, বিহাৰী সকলোৱে মিলি জুলি ৭ আৰু ৮ নৱেম্বৰত দুদিনীয়াকৈ হৰ্ষোল্লাসৰে উদযাপন কৰিলে ষঠ্ পূজা। ৭ নৱেম্বৰৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি আবেলি তিনি বজাত লোকে লোকাৰণ্য হৈ পৰে উত্তৰ গুৱাহাটী মধ্যমখণ্ডৰ বালিচৰ।

ব্ৰহ্মপুত্ৰ পাৰৰ উক্ত বালিচৰত আগতে নিৰ্মাণ কৰি ৰখা অস্থায়ী পূজা মণ্ডপত সকলোৱে ঘট স্থাপন কৰি ঢোল, তাল, বেণ্ডপাৰ্টি আদিৰে আৰু পূজাৰীৰ মন্ত্ৰ ধ্বনিৰে মুখৰিত পৰিবেশনৰ মাজতে ভক্ত সকলে ব্ৰহ্মপুত্ৰৰ পানীত নামি সূৰ্য্য দেৱতাক প্ৰণাম কৰি পূজাৰ মাঙ্গলিক কাৰ্য্য সমাপন কৰে। পূজা আৰম্ভ হোৱাৰ আগে আগে


পূজাৰ দ্বাৰ মূকলি কৰে উত্তৰ গুৱাহাটীত বাস কৰা বিহাৰী সম্প্ৰদায়ৰ জেষ্ঠ মহিলা মীৰা সিঙে।
ষঠ্ পূজা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ নাথ আৰু সম্পাদক মুকুট গোস্বামীয়ে  অভ্যাগত সকলক গামোচাৰে আদৰণি জনায়।  পূজাৰ মাঙ্গলিক কাৰ্য্য শেষ হোৱাৰ পিছত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ। অনুষ্ঠানত স্থানীয় প্ৰবীণ আৰু নবীন শিল্পীয়ে সংগীত পৰিবেশন কৰে আৰু পূজা স্থলীত নাম কীৰ্তন আদিও পৰিবেশন কৰা হয়।

সাংস্কৃতিক সমাৰোহৰ দ্বাৰ মুকলি কৰে বি জে পি দলৰ ৰাজ্যিক কিষান মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সহায়ক প্ৰানজিৎ ডেকাই। ৰঞ্জিত ভট্টাচাৰ্যই মঞ্চ মুকলি কৰি দিয়া ভাষণত উত্তৰ গুৱাহাটীৰ ৰাইজৰ সমন্বয়ৰ চানেকি দেখি অভিভূত হয় বুলি তেওঁৰ বক্তব্যত উল্লেখ কৰে।

ভট্টাচাৰ্য্যই ষঠ্ পূজাৰ তাৎপৰ্য্য বহুলভাবে ব্যাখ্য কৰে আৰু এই পূজা পাৰ্বনে হিন্দু ধৰ্মৰ লোক সকলৰ মাজত ঐক্য সংহতি বজাই ৰাখিব বুলি উল্লেখ কৰে। ইয়াৰ আগতে তেওঁ পূজাস্থলিলৈ গৈ সকলো ভক্তকে উৎসাহিত কৰাৰ লগতে ভক্ত তথা উপস্থিত ৰাইজক শুভেচ্ছা দিয়ে। ৰঞ্জিত ভট্টাচাৰ্য আৰু প্ৰানজিৎ ডেকাক সংগ দিয়ে বি জে পি ৰ উত্তৰ গুৱাহাটী মণ্ডল সমিতিৰ সভাপতি গংগাধৰ দাস আৰু অন্যান্য সদস্য সকলে। উত্তৰ গুৱাহাটী ষঠ পূজা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ নাথ, সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু উপদেষ্টা দীপক দাসে অভ্যাগত সকলৰ লগতে স্থানীয় সাংবাদিক আৰু বয়োজেষ্ঠ সকলক গামোচাৰে সম্বৰ্দ্ধনা জনাই আৰু পূজা খন পৰিপাতিকৈ সুকলমে চলাই নিয়া বাবে সমিতিৰ সদস্য সকলৰ লগতে বৃহত্তৰ উত্তৰ গুৱাহাটী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

উত্তৰ গুৱাহাটীৰ উপৰিও আমিনগাঁও অঞ্চলতো ব্ৰহ্মপুত্ৰৰ পাৰৰ বালি চাপৰিত বিসাল আয়োজনেৰে ষঠপূজা অনুষ্ঠিত কৰা হয়। আমিনগাৱৰ ষট পূজাতো অঞ্চলটোৰ অসমীয়া,বঙালী,বিহাৰী আদি বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশ লয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*