বকলীয়াঘাটঃ অসমত উত্তৰ পূব পৰিষদৰ ডনাৰ মন্ত্ৰণালয়ৰ ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰুপায়ণৰ সন্দৰ্ভত অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্যৰ সৈতে দিশপুৰ ৰাজভৱনত দেওবাৰে আলোচনা মিলিত হয় শ্বিলংস্থিত উত্তৰ পূব পৰিষদৰ ড’নাৰ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ সদস্য তথা অৱসৰ প্ৰাপ্ত আই এচ বিষয়া লংকি ফাংচ’ই৷
অসমৰ বিভিন্ন জিলাত ৰূপায়ণ হৈ থকা উত্তৰ পূব পৰিষদৰ ডনাৰ মন্ৰণালয়ৰ যোগেদি ভাৰত চৰকাৰৰ জনকল্যাণমুখী আঁচনি ৰূপায়ণ সন্দৰ্ভত ৰাজ্যপালৰ সৈতে বিতংকৈ আলোচনা কৰে লংকি ফাংচ’ই৷ জানিব পৰা মতে ৰাজ্যপাল গৰাকীয়ে লংকি ফাংচ’ই ব্যাখ্যা কৰা কথাবোৰ গভীৰভাৱে মনোযোগেৰে শুনি আনন্দ প্ৰকাশ কৰে। অসমৰ বিভিন্ন জিলাৰ অধিক আঁচনি ৰুপায়ণৰ ক্ষেত্ৰত যাতে জনসাধাৰণ উপকৃত হয় তাৰ বাবে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে৷
Leave a Reply