◊ আজিৰ পৰা ২৬ বছৰৰ পূৰ্বে ছলমানে কৰা এটা ভুল। ১৯৯৮ চনৰ ছেপ্টেম্বৰ মাহৰ কথা। ‘হাম সাথ সাথ হে’ৰ চিত্ৰগ্ৰহণৰ সময়। যোধপুৰৰ সমীপৰ মথানিয়াৰ বাৱাদত এটি কৃষ্ণমৃগক গুলীয়াই হত্যা কৰাৰ অভিযোগ ছলমান খানৰ ওপৰত। কৃষ্ণমৃগক গুলীয়াই হত্যা কৰাৰ অভিযোগত লৰেন্স বিষ্ণুই গেঙৰ টার্গেট হৈ আছে ছলমান খান।
বিষ্ণুই সকলৰ বাবে কৃষ্ণমৃগ কিয় ইমান বিশেষ? বিষ্ণই সমাজৰ দৰ্শনৰ মতে কৃষ্ণমৃগক তেওঁলোকৰ আধ্যাত্মিক গুৰু জন্তেশ্বৰৰ পুনৰ্জন্ম হিচাপে গণ্য কৰে।
বিষ্ণই হৈছে ৰাজস্থানৰ এটা জনগোষ্ঠী আৰু জনগোষ্ঠীৰ মানুহখিনিয়ে কৃষ্ণমৃগক পূজা কৰে। ছালমান খানে ৰাজস্থানত কৃষ্ণমৃগক গুলীয়াই মৰাৰ অপৰাধত বিষ্ণই সমাজে ছালমান খানক ৰাজস্থানলৈ আহি সমাজৰ সন্মুখত ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনাই আহিছিল, কিন্তু ছালমানে আজিলৈকে সেই কাম নকৰিলে।
গুজৰাটৰ কাৰাগাৰত বন্দী হৈ থকা গেঙষ্টাৰ লৰেঞ্চ বিষ্ণই তেওঁলোকৰ সমাজক ছালমান খানে কৰা এই অপমানৰ প্ৰতিশোধ লবলৈ দীৰ্ঘদীনে চেষ্টা চলাই আহিছে। অলপতে লৰেঞ্চৰ গেঙৰ সদস্যই ছালমানৰ মুম্বাইস্থিত ঘৰৰ আশে পাশে গুলীচালনা কৰাৰ খবৰ প্ৰকাশ পাইছে। ইফালে বাবা ছিদ্দিকিৰ হত্যাৰ পিছত বিষ্ণুই গেঙৰ প্ৰতিক্ৰিয়া, ছলমান খানক সহায় কৰিবলৈ বিচৰা প্ৰতিজনেই ভাবুকিৰ সন্মুখীন হ’ব বুলি সকীয়নি দিছে লৰেন্স বিষ্ণুই গেঙে। সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো এই খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।
ইতিমধ্যে ছালমান খানৰ দেহৰক্ষীৰ সংখ্যাও বৃদ্ধি কৰাৰ তথ্য প্ৰকাশ পাইছে। বলিউডৰ অভিনেতা বিবেক অ’বেৰয় এক প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে,- ‘বিশ্বৰ ভিতৰত এখনেই একমাত্র সমাজ আছে যাৰ নাম বিষ্ণই সমাজ… যিখন সমাজে এজনী হৰিণাৰ মৃত্যু হ’লে হৰিণাজনীৰ সন্তানক বিষ্ণই সমাজৰ মাতৃয়ে দুগ্ধপান কৰোৱাই ডাঙৰ-দীঘল কৰে৷ এনেকুৱা সমাজ বিশ্বৰ ক’তোতেই বিচাৰি নাপাব।’ বুলি মন্তব্য কৰিছে৷
Leave a Reply Cancel reply