এছ এম (SM) প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘কেৰাছ পামিল’ (KÉ:RASO PA: MÍLO) শীৰ্ষক এটি মিচিং আধুনিক ৰোমান্টিক দৃশ্য-শ্ৰাব্য গীত আজি শুভমুক্তি লাভ কৰে৷ মনপৰশা দৃশ্য-শ্ৰাব্য মুক্তি পোৱা গীতটিত কণ্ঠদান কৰিছে সন্ধিৰাম মিলি আৰু নিচা অ’মে৷ গীতটিৰ কথা আৰু সুৰ বিশ্বনাথ পামেগামৰ৷ সংগীত আৰু শব্দ সংমিশ্ৰণ অনুৰাগ মেধীৰ৷
কৰিঅ’গ্ৰাফী পূৰ্ণীমা পাটিৰৰ৷ মণি মিলিৰ প্ৰযোজনাৰে দৃশ্য-শ্ৰাব্য গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ নবাগতা শিল্পী পূজা মিৰি আৰু বিশিষ্ট ইউটিউবাৰ মনোজ ভাই আৰু তেওঁলোকৰ সংগীবৃন্দই৷ দৃশ্য গ্ৰহণ আৰু সম্পাদনা দীনেশ কামানৰ৷ মেক আপ ছন্দিতা পেগুৰ৷ ধেমাজি জিলাৰ অন্তৰ্গত চিমেন চাপৰিৰ আশে-পাশে মনোৰম স্থানত দৃশ্য গ্ৰহণ কৰা দৃশ্য-শ্ৰাব্য
গীতটি সন্ধিৰাম মিলি মিউজিকেল ইউটিউব চেনেলযোগে বৰ্তমান উপলব্ধ৷ গীতটি অসমবাসী সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকে আঁকোৱালি লৈ মৰম যাচিব বুলি প্ৰডাকচনটোৰ তৰফৰ পৰা অসমবাসী সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকলৈ প্ৰযোজক আৰু পৰিচালকে আহ্বান জনাইছে৷
Leave a Reply