ট্রেডিঙৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক ন্যায়িক জিম্মালৈ প্রেৰণ

ট্রেডিঙৰ নামত গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে। উল্লেখযোগ্য যে ট্রেডিঙৰ নামত অবৈধ কার্যকলাপ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসক গ্রেপ্তাৰ কৰিছিল। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত স্বপ্ননীলক আজি আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে অনলাইন ট্রেডিং গোচৰৰ তদন্তৰ দায়িত্ব অপৰাধ অনুসন্ধান শাখাক অর্পণ কৰিছে। আয়কৰ বিভাগ আৰু বিধি বলবৎকাৰী সংস্থাৰ সহযোগত আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। প্রয়োজন হ‘লে তদন্তৰ দায়িত্ব কেন্দ্রীয় অনুসন্ধান সংস্থা চমুকৈ চি-বি-আইক অৰ্পণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ঘটনাত তদন্তৰ বাবে অসম আৰক্ষীয়ে বিশেষ টাস্ক ফোর্ড গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Source: Akashvani_News

Be the first to comment

Leave a Reply

Your email address will not be published.


*