■ ফইজুল হক চৌধুৰী, নলবাৰীঃ শনিবাৰে, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে।
ৰন্ধন গেছ, পেট্ৰলজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আহ্বান কৰা পদযাত্ৰা কাৰ্যসূচীত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাথক আৰু সম্পাদক অক্ষয় ডেকাকে ধৰি নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, শাখা ছাত্ৰ সন্থাৰ বিষয় ববীয়া আৰু সাধাৰণ জনসাধাৰণৰ লগ হৈ নলবাৰী চহৰৰ মাজেৰে এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে।
খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিভাগীয় কৰ্তৃপকপক্ষক দাবী জনায় নলবাৰী জিলা ছাত্ৰ সন্থাৰ লগতে সাধাৰণ ৰাইজে।
Leave a Reply