অসম কৃষি সঞ্চালকালয়ৰ বিভাগীয় নিৰীক্ষকৰ দলৰ বিশ্বনাথৰ কৃষকৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন

অসম কৃষি সঞ্চালকালয়ৰ বিভাগীয় নিৰীক্ষকৰ দলৰ বিশ্বনাথৰ কৃষকৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন

 

অসম খবৰ বিশ্বনাথ চাৰিআলি, ১৯ জুন_ অসম কৃষি সঞ্চালকালয়ৰ বিভাগীয় এটা নিৰীক্ষকৰ দলে আজি বিশ্বনাথৰ পানী ভৰালৰ কৃষক জয়ন্তী দেৱীৰ ড্ৰেগন ফল কৃষিক্ষেত্ৰ আৰু বিশ্বনাথ জিলাৰ ৩ নং কুমলীয়াৰ কৃষকদ্বয় ৰাজু দাহাল আৰু লীলা পৌড়েলৰ একাধিক কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰে।

জানিব পৰা মতে, বিভাগীয় বিশেষজ্ঞাদ্বয় তথা মহকুমা কৃষি বিষয়া অপৰ্ণা দাস আৰু জ্যেষ্ঠ কৃষি উন্নয়ণ বিষয়া দীপালী দত্তৰ লগতে বিশ্বনাথ জিলাৰ জিলা কৃষি বিষয়া বনেশ্বৰ বে’ সহ দলটোৱে কৃষি পদ্ধতিৰ মূল্যাঙ্কন আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা আঁচনিসমূহৰ ৰূপায়নৰ ক্ষেত্ৰসমুহ পৰিদৰ্শন কৰে।

জ্যেষ্ঠ কৃষি উন্নয়ণ বিষয়া সোনমনি শইকীয়া আৰু কৃষি উন্নয়ণ বিষয়া ঋতুৰাজ দেৱে দলটোৰ সৈতে সহযোগিতা কৰে আৰু স্থানীয় কৃষকসকলৰ সৈতে তেওঁলোকৰ প্ৰত্যাহ্বান আৰু সমস্যাসমুহ বুজিবলৈ আৰু বিষয়বোৰৰ প্ৰতিকাৰৰ পৰামৰ্শ দিবলৈ বাৰ্তালাপ কৰে।

দলটোৱে কৃষি উন্নয়ণ চক্ৰৰ অধীনত কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা আৰু জৈৱিক কৃষি পদ্ধতি প্ৰচাৰ কৰি সঠিক বজাৰ সংযোগ সক্ষম কৰাৰ লক্ষ্যৰে ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে আৰু স্থানীয় কৃষকসকলৰ দ্বাৰা প্ৰচলিত জৈৱিক কীটনাশক আৰু সাৰ প্ৰস্তুত কৰাৰ বাবে প্ৰশংসা কৰে। বিভাগীয় বিশেষজ্ঞাৰ দলটোৰ ভ্ৰমণৰ সময়ত বিশ্বনাথ জিলা কৃষি বিভাগৰ আঁচনি বিষয়া দিব্যাশ্ৰী শইকীয়া আৰু মিডিয়া বিশেষজ্ঞা কৃষ্টি বৰাও উপস্থিত আছিল ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*