Bishnu Rabha Diva
আজি ৰাভা দিৱস, সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ ৰাজ্যবাসীৰ,
কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰ ৰাজ্য
সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।
আজি ৰাভা দিৱস (Rabha Divas)। প্ৰতিবছৰে ২০ জুনৰ দিনটো অসমবাসীয়ে বিষ্ণু প্ৰসাদ ৰাভা দিৱস (Bishnu Rabha Divas) হিচাপে পালন কৰি আহিছে। সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই এই দিনটোত ৰাজ্যজুৰি পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱসৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে
অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োই থৈ যোৱা এইগৰাকী মহান ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল (Kalaguru Bishnu Prasad Rabha)।
সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেখেতে লিখা কালজয়ী গীতসমূহ প্ৰতিজন অসমীয়াৰ বুকুত শিপাই আছে।
Leave a Reply