বিহালীৰ ৰাংছালী হাতী দাঁত সহ এজনক গ্ৰেপ্তাৰ :: সোধ পোছ অব্যাহত বন বিভাগৰ

বিহালীৰ ৰাংছালী হাতী দাঁত সহ এজনক গ্ৰেপ্তাৰ ::
সোধ পোছ অব্যাহত বন বিভাগৰ :

অসম খবৰ বেদেতী ৩০ মে:
বিহালীৰ ৰাংছালীত হাতীৰ দাঁতসহ এজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ সীমা শুল্ক বিভাগৰ ৷
বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহালী আৰক্ষী থানা অন্তৰ্গত
ৰাংছালীৰ কমাৰপুখুৰী চাৰিআলিত হাতী দাঁতৰ চোৰাং ব্যবসায়ী সোনমনি দাসক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল বুধবাৰে বিয়লি সীমা শুল্ক বিভাগৰ অভিযানকাৰী দলে ৷
জানিব পৰা মতে ৰাংছালী গাৱঁৰ সোণমনি দাস নামৰ যুৱক জনে বিক্ৰী কৰিবলৈ আনি থকা সময়তে সীমা শুল্ক বিভাগৰ এটা দলে হাতী দাঁত সহ গ্ৰেপ্তাৰ কৰিছিল সোনমণি দাস(২৪)ক ।
সোনমণি দাসৰ পৰা শুল্ক বিভাগৰ দলটোৱে উদ্ধাৰ কৰিছিল ২৭ কেজি ২ টা হাতী দাঁত ৷
বন বিভাগৰ সূত্ৰ অনুসৰি হাতী দাঁত দুটা চাৰি টুকুৰা কৰি এটা মোনাত ভৰাই গছ পাতেৰে ঢ়াকি আনিছিল সোনমনি নামৰ যুৱক জনে ৷ ইতিমধ্যে সীমা শুল্ক বিভাগে হাতীৰ দাঁত সহ সোণমণি দাসক বৃহস্পতি বাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথৰ বন্যপ্ৰাণী (বন সংমণ্ডল) বিভাগক গতাই দিছে ৷ ইফালে বন বিভাগে সোনমণি দাসক জেৰা অৱ্যাহত ৰাখিছে আৰু এই চোৰাং ব্যৱসায়ৰ লগত আন কোন কোন জড়িত আছে আৰু কাক বিক্ৰী কৰিবলৈ আনিছিল তাৰ তদন্ত আৰম্ভ কৰিছে বন বিভাগৰ দলটোৱে।
আনহাতে বৃস্হপতি বাৰে চোৰাং বেপাৰী সোনমণি দাসক বিশ্বনাথ চাৰিআলি আদালতত হাজিৰ কৰি কৰা কথা বিভাগটোৱে প্ৰকাশ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*