৮ এপ্ৰিলত বিশ্বনাথৰ বিশাল জনসভা সম্বোধন কৰিব গৃহমন্ত্ৰীয়ে :
অসম খবৰ ডিজেল গহপুৰ ৩ এপ্ৰিল :
ৰাজ্যত তীব্ৰ হৈ উঠিছে লোক সভা নিৰ্বাচন। কংগ্ৰেছ বিজেপিকে ধৰি বিভিন্ন ৰাজনীতি দলৰ মাজত দেখা গৈছে তীব্ৰ প্ৰচাৰ। আনহাতে ৰাজনীতি দল সমূহৰ প্ৰাৰ্থী সমূহক জয় কৰিবলৈ এতিয়া কেন্দ্ৰ পৰা ইজন পিছত সিজন হাইপ্ৰফাইল নেতা অসমলৈ অহা দেখা গৈছে।
ইফালে অসম ৮ এপ্ৰিলত শোণিতপুৰ লোক সভা সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শোণিতপুৰ গহপুৰলৈ আহিব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা সমিতিয়ে জানিব দিয়া অনুসৰি ১১ নং শোণিতপুৰ লোকসভা সংসদীয় সমষ্টিৰ অন্তৰ্গত গহপুৰ বিধান সমষ্টিত এখনি “বিশাল জনসভা” সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তাৰ পৰিপ্ৰেক্ষিতত আজি গহপুৰৰ ঘাঁহিগাঁও ষ্টেডিয়ামত বিজেপি জিলা সমিতিৰ উদ্যোগত এখনি এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়৷ এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা , বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিজেপি বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰ ,ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায় প্ৰমুখ্যে ৰাজ্যিক,জিলা আৰু মণ্ডলৰ কৰ্মকতা উপস্থিত থাকে।
Leave a Reply