31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত নাৰী দিৱস উদযাপন

    প্ৰতিবেদক ৰঙাপৰা ৮মাৰ্চঃ আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। সমগ্র ৰাজ্যৰ লগতে অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ দুৰুং প্ৰাথমিক গোটৰ উদ্যোগত আজি দুৰুং চাহ বাগিচা শ্ৰমিক বিনোদন ঘৰত নাৰী দিৱস উদযাপন কৰে।

    বেচৰকাৰী সংগঠনটো চেষ্টাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনিল টুটি, উপ সভাপতি তুলাৰাম ৰহিদাস, কোষাধ্যক্ষ পদ্মকান্ত বাগতি, দুৰুং চাহ বাগিচাৰ পৰিচালক কামাখ্যা কলিতা, শ্ৰম কল্যাণ বিষয়া পংখিল বৰা, বাগিচাৰ চিকিৎসক ডঃ মৰমী দত্ত গগৈ, চেষ্টা সংগঠনৰ সমন্বয়ক ৰজমেৰি তিৰ্কী, তেজপুৰ সদৰ থানাৰ নাৰী নিৰ্যাতন কোষৰ সমাজ সেৱিকা প্ৰিয়া গুপ্তাৰ লগতে আটুৱা শোণিতপুৰ জিলা সমিতিৰ সভানেত্ৰী মনা চৰেং অংশগ্ৰহণ কৰে।

    সভাত চম্বলপুৰী (উড়িয়া নৃত্য) নৃত্য প্ৰদৰ্শন কৰা হয়। সভাত নিজৰ বক্তব্যত বাগিচাৰ পৰিচালক কামাখ্যা কলিতাই মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্‌যাপনৰ মুখ্য বিষয় বুলি উল্লেখ কৰে। বাগিচাৰ চিকিৎসক ডঃ মৰমী দত্ত গগৈয়ে কেৱল আজিয়েই নহয়, সদায়েই দিয়ক নাৰীক মৰ্যদা বুলি কয়।

    অসম চাহ মজদুৰ সংঘৰ চেঁচা প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত মহিলা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনিল টুটিয়ে নাৰী সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে সকলো ক্ষেত্ৰতে আৰু সমাজৰ সকলো কাম-কাজত মহিলাসকলৰ অৱদানক স্বীকৃতি দিবলৈ এই দিৱস পালন কৰা হয়। ইপিনে লখৰাস্থিত অসম ৰাইফলৰ উদ্যোগত নাৰী দিৱস উপলক্ষ্যে ১৬ কিমি দৈৰ্ঘ্যৰ এক চাইকেল শোভাযাত্ৰা অনুষ্ঠিত কৰে। চাইকেল শোভাযাত্ৰাত অঞ্চলটোৰ ২৫ গৰাকী স্থানীয় মহিলা আৰু ৩০ মহিলা সেনাই অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds