||হতাশা||এজন ছাত্ৰ নিৰৱে গুচি গ’ল
“মই বৰ অকলশৰীয়া হৈ গৈছোঁ, ১০ বছৰ বয়সতে মোৰ মূৰৰ পৰা নোহোৱা হৈছিল মাৰ মৰম |পাপা অধিক সময় চাহ বাগানৰ কামত ব্যস্ত থকাৰ বাবে মোক সময় দিব নোৱাৰে | যিটো সময়ত পাপাক মানসিক ছাপৰ্টৰ প্ৰয়োজন আছিল, সেই সময়ত তেওঁ দীঘলীয়াকৈ ছুটি লৈ মোক সময় দিব নোৱাৰিছিল | সৰুৰে পৰা অকলশৰীয়াকৈ থকাৰ বাবে হয়টো মই মোৰ জীৱনত প্ৰকৃত বন্ধুত্ব গঢ়িব নোৱাৰিলো | যাৰ বাবে মই বৰ অকলশৰীয়া হৈ পৰোঁ | প্ৰতিদিনে এইবোৰ কথা ভাবি ভাবি মই মানসিকভাৱে ভাগি পৰিছোঁ | দশম শ্ৰেণীত মোৰ পৰীক্ষাৰ যি ৰিজাল্ট হৈছিল | এইবাৰ মই তেনেকুৱা ৰিজাল্ট কৰিব নোৱাৰিম | তদুপৰি এইবাৰ মোৰ জেইইৰ মক টেষ্টত আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰিলো | কাৰণ পঢ়া টেবুলত বহিবৰ সময়তে অত্যাধিক টেনচনে হেঁচি ধৰে | যাৰবাবে মই এইবাৰ ভালকৈ প্ৰিপাৰেচন কৰিব নোৱাৰিলোঁ | i will miss you Papa ”
দেউতাকক লৈ লিখা জীৱনৰ এই অন্তিম চিঠিখন টেবুলত থৈ চকুপানী মচি ফটোখনত দেখা পোৱা ১৮ বছৰীয়া ময়ুৰ গোস্বামীয়ে কাষতে থকা ৰচীডাল লৈ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে |
২০২২ বৰ্ষৰ দশম শ্ৰেণীত ৯৯% নম্বৰৰে উৰ্ত্তীণ হৈছিল মেধাৱী ময়ুৰ গোস্বামী | দশম শ্ৰেণী উৰ্ত্তীণ হোৱাৰ পিছত পৰৱৰ্তী অধ্যায়নৰ বাবে গুৱাহাটীৰ ডিপিএছত নামভৰ্ত্তি কৰিছিল | যোৱা ২২ ফেব্ৰুৱাৰী তাৰিখে চিবিএছচি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ময়ুৰ গোস্বামী চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী আছিল | ৰাতিপুৱা পৰীক্ষা থকা সত্ত্বেও ময়ুৰ নিজৰ কোঠাৰ পৰা ওলাই অহা নেদেখি তেওঁৰ লগত ফ্লেটত একেলগে থকা কেয়াৰ টেকাৰ বাপন সোণায়ে ময়ুৰক জগাবলৈ চেষ্টা কৰে | কেইবাবৰো দৰ্জাত ঢকিওৱাৰ পিছতো কোঠাটোৰ পৰা ময়ুৰ ওলাই অহা নাছিল | লগে লগে আতংকিত বাপনে এনক্লেভটোৰ সুৰক্ষাকৰ্মীক মাতি লৈ আহে | সুৰক্ষাকৰ্মী আৰু বাপনে কেইবাবাৰো দৰ্জাত ঢকিওৱাৰ লগতে নাম ধৰি মাতি ময়ুৰক জগাবলৈ চেষ্টা কৰে | কিন্তু কোঠাটোৰ ভিতৰৰ পৰা কোনো সঁহাৰি নোপোৱাত বিশ্বনাথ চাৰিআলিত বৰপুত্ৰৰ সৈতে থকা চাহৰ ব্যৱসায়ী প্ৰণৱ গোস্বামীক ফোন কৰে আৰু পিতৃ প্ৰণৱে শংকাত দুয়োকে কোঠাৰ দৰ্জাখন ভাঙিবলৈ নিৰ্দেশ দিয়ে | পিতৃ প্ৰণৱৰ নিৰ্দেশমতে সুৰক্ষাকৰ্মী আৰু বাপনে দৰ্জাখন ভাঙি কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰাত তেওঁলোকে ময়ুৰক চিপ লৈ ওলোমি থকা প্ৰত্যক্ষ কৰে | দুয়োজনে ময়ুৰৰ আত্মহত্যা সম্পৰ্কে আৰক্ষী আৰু ওচৰ-চুবুৰীয়াক অৱগত কৰে আৰু আৰক্ষী উপস্থিত হৈ ময়ুৰৰ মৃতদেহৰ ওচৰত ময়ুৰে লিখা চুইচাইড নোটখন উদ্ধাৰ কৰে য’ত ময়ুৰে ওপৰত কয় অহা কথাখিনি লিখিছিল | কেয়াৰটেকাৰ বাপনে সংবাদ মাধ্যমক কোৱা অনুসৰি ময়ুৰ একেবাৰে অকশৰীয়া লৰা আছিল ময়ুৰক সাক্ষ্যাত কৰিব ময়ুৰৰ ফ্লেটত কোনো বন্ধু কেতিয়াও অহা নাছিল আৰু ময়ুৰেও কেতিয়াও কোনো বন্ধুৰ ঘৰলৈ যোৱা নাছিল | কেৱল দিনটোৰ অধিক সময় তেওঁ পঢ়াতে মনোনিৱেশ কৰিছিল |
ময়ুৰ গোস্বামীৰ আত্মহত্যাই আমাৰ সন্মুখত দুটা প্ৰশ্ন এৰি থৈ যায় আৰু সেয়া হ’ল অকলশৰীয়া-নিসংগতা আৰু দ্বিতীয়টো হ’ল প্ৰতিযোগীতাৰ দৌৰত পঢ়াৰ প্ৰতি বাঢ়ি অহা হেঁচা | পঢ়াৰ হেঁচাতকৈ অধিক ময়ুৰে হতাশ হৈ পৰিছিল সৰুৰে পৰা তেওঁৰ জীৱনত অকলশৰীয়া তথা নিসংগতাৰ ফলত | নিসংগতাত হতাশ হ’ব নালাগে হয় নিসংগতা জীৱন এক অভিশাপৰ দৰে কিন্তু নিজৰ জীৱনৰ এই নিংসগতা কেৱল বন্ধুৰ সলনি এখন কিতাপকো আমি সংগী কৰি ল’ব পাৰো আমি নিজৰ hobby বোৰত ব্যস্ত থাকিব পাৰো বা যদি বন্ধু নাই তেতিয়া মনৰ কথাবোৰ এখন ডায়েৰীত লিখিব পাৰো আৰু ডায়েৰীটো নিজৰ বন্ধু কৰি ল’ব পাৰো | যিদৰে এনী ফ্ৰংকে নিজৰ ডায়েৰীটোকে বন্ধু বুলি ধৰি লৈছিল | জীৱনৰ চৰম সিন্ধান্ত লোৱাৰ পূৰ্বে এবাৰ নিজৰ পিতৃ-মাতৃৰ মুখৰ সেই হাঁহিটোৰ পিনে চাই ভাবি চাব লাগে যে তোমাৰ অকাল মৃত্যুৰ পিছত তেওঁলোকৰ সেই মুখৰ হাঁহিটো চিৰদিনৰ কাৰনে নোহোৱা হৈ যাব | পিতৃ-মাতৃক মনৰ কথাবোৰ খুলি প্ৰকাশ কৰি কবলৈ চেষ্টা কৰিব লাগে কাৰন তোমাৰ মৃত্যু বেলেগ মানুহে কেইদিনমান পিছত পাহৰি গলেও পিতৃ-মাতৃয়ে নিজৰ সন্তান হেৰুৱাৰ দুখ কেতিয়াও পাহৰিব নোৱাৰে কাৰন সন্তানে হৈছে তেওঁলোকৰ সংসাৰ | মাতৃৰ গৰ্ভত থকাৰ পৰা এই পৃথিৱীলৈ অহালৈ তোমাক কিমান যত্ন আৰু কষ্টৰে পিতৃ-মাতৃয়ে ডাঙৰ-দীঘল কৰিছে তাৰ বিনিময়ত তেওঁলোকে তোমাক দিয়া নিস্বাৰ্থ মৰমৰ মূল্য তেওঁলোকক আজীৱনৰ শোক দিয়াটো জানো উচিত হয় | দ্বিতীয়তে মই পিতৃ-মাতৃ সকলোকো ক’ব বিচাৰো যে নিজৰ ব্যস্ততাৰ মাজতো সন্তানক সময় দিবলৈ চেষ্টা কৰোঁক | অভিভাৱক হিচাপে নহয় এজন বন্ধু হিচাপে সন্তানৰ সৈতে সময় অতিবাহিত কৰোক তেতিয়াহে আপোনাৰ সন্তানে আপোনাক নিসংকচে নিজৰ মনৰ সুখ-দুখৰ কথাবোৰ কবলৈ সাহস কৰিব |
এই প্ৰতিযোগীতাৰ পৃথিৱীখনত নিজৰ সন্তানকো বেলেগৰ সৈতে প্ৰতিযোগীতাত দৌৰিবলৈ দি এইটো পাহৰি যোৱাটো অনুচিত যে আপোনাৰ সন্তানে কি বিচাৰে, তেওঁ জীৱনত কি হ’বলৈ বিচাৰে | সন্তানৰ সুখত সুখী হ’বলৈ চেষ্টা কৰোক সন্তানৰ সাফল্য বা বিফলতাক কেন্দ্ৰ কৰি সুখী হ’বলৈ চেষ্টা নকৰিব |
✍️দিম্পু ভৰালী
Leave a Reply