বিশ্বনাথৰ ২০০ বছৰীয়া চাৰিআলি ঠাকুৰবাৰীৰ নৱনির্মিত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ ব্যাপক কাৰ্যসূচী আৰম্ভ

বিশ্বনাথৰ ২০০ বছৰীয়া চাৰিআলি ঠাকুৰবাৰীৰ নৱনির্মিত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ ব্যাপক কাৰ্যসূচী আৰম্ভ

আজিৰ পৰা আৰম্ভ হৈছে বিশ্বনাথৰ প্ৰায় ২০০ বছৰীয়া পুৰণি ‘চাৰিআলি ঠাকুৰবাৰী নবনিৰ্মিত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী। এই মন্দিৰত ৰাম-পৰিবাৰ, হনুমান, ৰাধা-কৃষ্ণ, দুর্গা আৰু শিৱৰ বিগ্রহত প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ বাবে আজিৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈকে আৰম্ভ হৈছে এই বিশেষ কাৰ্যসূচী। আজিৰ প্ৰথম কাৰ্যসূচী হিচাপে অনুষ্ঠিত হৈছে কলহ যাত্ৰা। বিশ্বনাথ জিলাৰ বিভিন্ন ধৰ্মাৱলম্বীৰ ৩১০০ মহিলাই হাতে হাতে কলহ লৈ এই যাত্ৰাত অংশ গ্ৰহন কৰিছে। ঠাকুৰবাৰী মন্দিৰৰ পৰা আৰম্ভ হোৱা এই কলহ যাত্ৰাত অংশ লোৱা মহিলা সকলে বিশ্বনাথৰ ৱাকিং জ’নলৈ যায়। তাতে ব্ৰহ্মপুত্ৰ,গংগা, কাবেৰী, যমুনা, গোদাবৰীকে ধৰি ভাৰতৰ ৭ খন নদীৰ পৰা অনা পানী কলহত ভৰাই পুণৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ মন্দিৰলৈ উভতি আহে।
উল্লেখ্য যে মহাৰাষ্ট্ৰৰ নিৰ্মাণকাৰী,ৰাজস্থানত নিৰ্মিত মূৰ্তি,আৰু গুজৰাটৰ যন্ত্ৰচালিত ডবা,কাহ আৰু ঘণ্টা আদিৰে শোভাবৰ্ধন কৰিব লগা এই মন্দিৰত সম্প্ৰতি কৃষ্ণ ৰাধা,দুৰ্গা,ৰাম পৰিৱাৰ,হনুমান আদিৰ বিগ্ৰহ স্থাপনৰ ব্যৱস্থা কৰা কৰা হৈছে।
কাইলৈ পুৱা ৭-১১ বজাত বেদী পূজন,২০ ফেব্ৰুৱাৰীৰ পুৱা ৭-১১ বজাত অধিবাস,
২১ ফেব্ৰুৱাৰী দিনৰ ১-১১ বজাত প্রাণ প্রতিষ্ঠিত বিগ্রহক লৈ শোভাযাত্রা,২২ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ পৰা ৮ বজালৈ বিগ্ৰহৰ প্ৰাণ প্রতিষ্ঠা পর্ব, পুৱা ৯ বজাত মহাআৰতি,২৩ ফেব্ৰুৱাৰীৰ পুৱা ৭-১৫ বজাত বেদী পূজন আৰম্ভ তথা ৰাম বিবাহ আৰু শিৱ বিবাহ সম্পন্ন,
২৪ ফেব্ৰুৱাৰীৰ পুৱা ৭-১৫ বজাত পূজা আৰম্ভ আৰু পূৰ্ণাহুতি, দিনৰ ১ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*