■ গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে কবি, লেখিকা, সমাজকৰ্মী ড০ মঞ্জুলা গোস্বামীৰ তৃতীয়খন কবিতা সংকলন ‘তুষাৰ কণ’ উন্মোচন কৰা হয়। এই উপলক্ষে উদয়াস্ত আলিবাটৰ সহযোগত অনুষ্ঠিত এখন সভাত কবিতা সংকলনখন উন্মোচন কৰি লেখক তথা জ্যেষ্ঠ সাংবাদিক নৰেন হাজৰিকাই কয়-কবিতা মানুহৰ জীৱনৰ বিশেষ অংগ।সকলো কবিয়ে নিজস্ব ভাৱ ধাৰাৰে কবিতাক নতুনকৈ গঢ় দিব বিচাৰে। বিশিষ্ট অভিনেতা দিলীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক, লেখিকা, সমাজসেৱিকা মনিষা শর্মাই কবিতা সম্পৰ্কে বহু তত্ব গধুৰ কথা ব্যক্ত কৰি কবি ড০ মঞ্জুলা গোস্বামীলৈ শুভকামনা জনায়।সমাজকৰ্মী ড০ ৰীতা বৰপূজাৰী, বিশিষ্ট শিল্পী অঞ্জু দেৱী আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সভাত কবি, লেখিকা ড০ মঞ্জুলা গোস্বামীয়ে আদৰণি ভাষণ দিয়ে। সভাৰ আৰম্ভণিতে আমেৰিকা নিবাসী নীতা খাউণ্ডে বৰগীত পৰিবেশন কৰে। সভাত আধুনিক গীত পৰিবেশন কৰে ললিতা লহকৰে, কবিতা পাঠ কৰে বিনীতা ৰয়ে। আধুনিক নৃত্য পৰিবেশন কৰে শিশু শিল্পী অনুভৱী শর্মাই, গীত পৰিবেশন কৰে অনিতা দাস গোহাঁই আৰু ড০ তামান্না গোস্বামী শৰ্মাই। কবি, লেখিকা ড০ মঞ্জুলা গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়।
Leave a Reply