● প্ৰতিভা সম্পন্ন খেলুৱৈ চানক্য বৰাই ৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া ভাৰোত্তোলনত অসমলৈ একমাত্র স্বর্ণ পদক কঢ়িয়াই আনিছে। বিহাৰৰ পাটনাত আজি সামৰণি পৰা প্ৰতিযোগিতাখনত শীৰ্ষ পদক জয়ী চানক্যই অৱতীৰ্ণ হৈছিল ল’ৰাৰ অনুৰ্দ্ধ ১৭ বছৰৰ ১০২ কেজি ওজন শাখাত। সফলতা অৰ্জনৰ বেলিকা চানক্যই সেটছত ১০৫ কেজি, ক্লীন এণ্ড কার্জত ১৪০ কেজি সহ মুঠ ২৪৫ কেজি উত্তোলন কৰে।
আনহাতে ১৭ বছৰৰ অনুৰ্দ্ধৰ ল’ৰাত তাপস প্ৰতীম দত্তই আৰু একে বয়সৰ ছোৱালী শাখাৰ প্ৰতিদ্বন্দ্বী নানচেংফা বৰগোঁহাইয়ে ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতাখনৰ পৰা অসমলৈ ক্ৰমে তৃতীয় আৰু চতুৰ্থটো ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছে। ল’ৰা-ছোৱালী উভয় শাখাৰ প্ৰতিযোগিতাখনত তাপস প্রতীম অৱতীৰ্ণ হৈছিল ল’ৰাৰ ১০২ কেজি উৰ্দ্ধ শাখাত আৰু নানচেংফা অৱতীৰ্ণ হৈছিল ছোৱালীৰ ৭১ কেজি ওজন শাখাত ।
পদক জয়ৰ বেলিকা তাপস প্রতীমে সেটছত ৮৫ কেজি আৰু ক্লীন এণ্ড জাকত ১০০ কেজি সহ মুঠ ১৮৫ কেজি আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ যোগেন্দ্ৰ ফুকনৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অনুর্দ্ধ ১৭ বছৰৰ নানচেংফাই সেটছত ৭০ কেজি, ক্লীন এণ্ড জাকত ৮২ কেজিসহ মুঠ ১৫২ কেজি উত্তোলন কৰে।
ক্রীড়া সঞ্চালকালয়, অসমে পঠোৱা দলটোৰ প্ৰশিক্ষকদ্বয় ক্ৰমে পাৰ্বতী তামাং আৰু উপলক্ষ ৰাভা। মেনেজাৰৰ দায়িত্ব পালন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মিনতি দিহিঙ্গীয়া ৷ প্রতিযোগিতাখনত অসম দলে এটা সোণ আৰু তিনিটা ব্ৰঞ্জসহ মুঠ চাৰিটা পদকেৰে অভিযান সামৰে।
Leave a Reply