31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    অসমত মুকলিকৈ টকাৰ বিনিময়ত বিক্ৰী শিশু।গ্ৰেপ্তাৰ মানৱ শিশু সৰবৰাহকাৰী

    বিশেষ প্ৰতিনিধি চিৰাং ১২ ছেপ্টেম্বৰ :

    মাত্ৰ ৪০ হেজাৰৰ পৰা ৬০ হেজাৰ টকাত বিক্ৰী হৈছে দেৰ বছৰৰ পৰা সাতদিনীয়া দেৱ শিশু ।

    সভ্য সমাজক লজ্জানত কৰা এই মানৱ শিশু বিক্ৰীৰ ঘটনা সংঘটিত হৈছে বিটিআৰৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত ।

     

    একমাত্ৰ আৰ্থিক দৈন্যতাৰ বাবেই চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শিলিখাগুৰীৰ এহাল নিষ্ঠুৰ দম্পতী হুগম নাৰ্জাৰী (২৫) আৰু বিজুলিকা নাৰ্জাৰী (২৩) য়ে ছমাহৰ ভিতৰত দুটিকৈ পুত্ৰ সন্তানক এক লাখ টকাৰ বিনিময়ত অইনৰ হাতত বিক্ৰী কৰাৰ দৰে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ।

    দম্পতীহালৰ দুটি কণ কণ পুত্ৰ কন্যা থকাৰ পিছতো পুনৰ গৰ্ভৱতী হৈছিল মাতৃ বিজুলিকা নাৰ্জাৰী ।

    অৰ্থৰ অভাৱত বেমাৰী পুত্ৰক চিকিৎসা কৰিব নোৱাৰি ২০২২ চনৰ নভেম্বৰ মাহৰ নিজৰ দেৰ বছৰীয়া পুত্ৰ সন্তানক ৪০ হেজাৰ টকাৰ বিনিময়ত ওচৰে খুংগ্ৰীং গাঁৱৰ অবিনাশ বৰগয়াৰীৰ বিক্ৰী কৰি দিছিল।

    আৰু চলিত বৰ্ষৰ জুলাই মাহত দ্বিতীয় পুত্ৰ জন্ম হোৱাৰ এসপ্তাহ পিছতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী বাসিন্দা নীৰণ স্বৰ্গীয়াৰীক হাতত ৬০ হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে।

    এক বিশেষ সুত্ৰৰ তথ্যৰ ভিত্তিত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰে অনুসন্ধান চলোৱাত এই শিশু বিক্ৰীৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে।

    আৰক্ষীয়ে নিজৰ সন্তান বিক্ৰী কৰা নিষ্ঠুৰ পিতৃ হুগম নাৰ্জাৰীৰ লগতে মানৱ শিশু ক্ৰয় কৰা অবিনাশ বৰগয়াৰী আৰু নীৰণ স্বৰ্গীয়াৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds