কলাবাৰী কৃষি উন্নয়ন বিষয়া কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন বিধায়ক উৎপল বৰাৰ

কলাবাৰী কৃষি উন্নয়ন বিষয়া কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন বিধায়ক উৎপল বৰাৰ

বিশ্বনাথ চাৰিআলি, ৮ মে’ :অসম চৰকাৰৰ এপাৰ্ট আঁচনিৰ অধীনত বিশ্বনাথ কৃষি জিলাৰ কলাবাৰী কৃষি ‍ চক্ৰৰ অধিকৃত ভূমিত অসম কৃষি বাণিজ্য আৰু ৰূপান্তকৰণ প্ৰকল্প (APART)আঁচনিৰ অধীনত স্থাপন হ’বলগীয়া কলাবাৰী চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভণি কৰা হয়। এই কাৰ্য্যৰ লাই খুটা পুতি শুভাৰম্ভণি কৰে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই। এই ভৱনটিৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ইয়াৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হোৱাৰ লগতে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যি বিভিন্ন আঁচনিৰ কৃষিজাত সামগ্ৰী আনিব লগীয়া হৈছিল ; এই সমস্যাৰ পৰা অঞ্চলবোৰৰ কৃষক ৰাইজে যথেষ্ট সকাহ পাব বুলি বিধায়ক গৰাকীয়ে নাতিদীৰ্ঘ ভাষণত উল্লেখ কৰে। জিলা কৃষি বিষয়া দিব্যজ্যোতি ফুকন, কাৰ্যবাহী অভিযন্তা (কৃষি) প্ৰসন্ন শইকীয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰহ্লাদ ভূঞা, এপাৰ্ট আঁচনিৰ নডেল বিষয়া প্ৰদীপ তালুকদাৰ, কৃষি বিভাগৰ অভিযান্ত্ৰিক শাখা, জিলা কৃষি বিভাগৰ বিভিন্ন পদবীৰ বিষয়া কৰ্মচাৰী, এপাৰ্টৰ বিভাগীয় বিষয়া সকলৰ লগতে স্থানীয় কৃষক ৰাইজো এই সভাত উপস্থিত থাকে। অনুষ্ঠানটিত জিলা কৃষি বিষয়া গৰাকীয়ে কৃষি আৰু কৃষকৰ সৰ্বাঙ্গীন উন্নতিৰ লক্ষ্য আৰু উদ্দেশ্যেৰে চৰকাৰে এনে পদক্ষেপ লৈছে বুলি উল্লেখ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*