বিহুৰ বতৰত স্বেচ্ছাসেৱী অনুষ্ঠান ‘চেকুলাৰ হিউমেনেজিম’ প্ৰশংসনীয় পদক্ষেপ

◊মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনোনে কোৱা…। আমাৰ মাজৰ পৰা এতিয়াও হেৰাই যোৱা নাই মানৱতা। হেঁপাহৰ বহাগৰ বিহুটিৰ বতৰতে পদপথত আশ্ৰয়ী ৭ শতাধিক লোকৰ মাজত বিহুৰ জলপান, পিঠা পনা বিতৰণ কৰাৰ লগতে সম্প্ৰীতিৰ এনাজৰী অটুট ৰাখি মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত বিহুৰ জলপানেৰে ইফতাৰৰ আয়োজন কৰে।

উল্লেখযোগ্য যে ‘চেকুলাৰ হিউমেনেজিম’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে গুৱাহাটীৰ চাই বাবা মন্দিৰৰ সন্মুখত, গণেশ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ, কামাখ্যা, বুঢ়া মছজিদ, মাঝাৰ ইত্যাদিৰ সন্মুখত থকা পদপথ আশ্ৰয়ী লোকসকলৰ লগতে আৰু দুলিয়াজান বৰডুবিৰ টিলিঙা মন্দিৰ দুলীয়াজান শনি মন্দিৰ মছজিদৰ ওচৰত এনে লোকসকলৰ মাজত খাদ্য বিতৰণ কৰে বুলি জানিবলৈ দিয়ে অনুষ্ঠানটিৰ সভাপতি কাকলি হাজৰিকা আৰু সম্পাদক সত্যব্ৰত পূজাৰীয়ে। স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ এই পদক্ষেপক সকলোৱে গৌৰৱ কৰি কয় এইয়া এক সুন্দৰ পদক্ষেপ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*