মিষ্টাৰ বিশ্বনাথ খিতাপ দখল বিশ্বনাথৰ ছাহিদুল ইছলাম
বিশ্বনাথ ২৬ মাৰ্চ :
বিশ্বনাথত চাৰিআলিৰ শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সাফল্য অৰ্জনেৰে বিশ্বনাথলৈ এজন যুৱকে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
বিশ্বনাথ জিলা বিশ্বনাথ ঘাটৰ ছাহিদুল ইছলাম নামৰ যুৱক জনে শনিবাৰে বিশ্বনাথ চাৰিআলি হিমালয় ভৱনত অনুষ্ঠিত এখন শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি Mr Biswanath 2023 ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।
তেওঁৰ এই সাফ্যলত বিশ্বনাথবাসী লগতে সমগ্ৰ গাওঁবাসী উৎফুল্লিত হৈ পৰিছে।
উল্লেখযোগ্য যে বিশ্বনাথ শৰীৰ চৰ্চাৰ সন্থাৰ উদ্যোগত বিশ্বনাথ চাৰিআলি হিমালয় ভৱনত অনুষ্ঠিত হোৱা জিলা শৰীৰ চৰ্চা প্ৰতিযোগিতা খনত জিলা খনৰ বিভিন্ন প্ৰাপ্ত শৰীৰ চৰ্চাৰ কেন্দ্ৰ শতাধিক যুৱকে আৰু যুৱতীয়ে অংশগ্ৰহণ কৰিছিল যদিও শেষ হাঁহি মাৰিবলৈ সক্ষম হয় বিশ্বনাথ ঘাটৰ ছাহিদুল ইছলামে নামৰ শৰীৰবিদ যুৱক জন।
এই বিশ্বনাথ মিষ্টাৰ শৰীৰ চৰ্চাৰ প্ৰতিযোগিতা তিনিটা বিভাগত আছিল।পুৰুষ ৩ টা আৰু মহিলা এটা।
কিন্তু শেষত ৬৫ ওজনত ছাহিদুল ইছলামে হৈ বিশ্বনাথ মিষ্টাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। আন্তৰ্জাতিক শৰীৰ চৰ্চাবিদ পংকজ বৰাই পৰিচালনা কৰা প্ৰতিযোগিতা খেল খনত অংশগ্ৰহণ কৰে ৰাজ্যিক শৰীৰ চৰ্চাবিদ অনন্ত গগৈ লগতে জিলা খনৰ কেইবাজনো বিশিষ্ট খেলুৱৈ লগতে শৰীৰ চৰ্চাৰ বিদ ও জিলা সভাপতি দিলিপ বৰা সম্পাদক নৃত্য শৰ্মা।
উল্লেখযোগ্য যে বিগত ২০২১ চনতো ছাহিদুল ইছলামে বিশ্বনাথ মিষ্টাৰ খিতাপ দখল কৰা লগতে ৰাজ্য আন আন ঠাই ওপৰিও দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চাৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰি নিজৰ নাম দখল কৰি লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
Leave a Reply