31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ ৰাইজৰ দলৰ

    ♦আছিফ আলি, শিৱসাগৰঃ ১০৮ নং শিৱসাগৰ সমষ্টি আগন্তুক বিধান সভা নিৰ্বাচনক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে।কা’ বিৰোধী আন্দোলনৰ কেন্দ্ৰবিন্দু শিৱসাগৰ সমষ্টি দখলৰ বাবে শাসনাধিষ্ঠ বিজেপি দলে যৎপৰোনাষ্টি চেষ্টা অব্যাহত ৰখাৰ সময়তে কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি চলা প্ৰচাৰত এইবাৰ নিৰ্বাচন শিৱসাগৰ সমষ্টিত আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।

    এনে সময়তে আজি ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াবৰ বাবে অখিল গগৈৰ হৈ ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সভাপতিয়ে আজি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে।মনোনয়ন পত্ৰ সংগ্ৰহ কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা ধৈৰ্য কোঁৱৰে কয় যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে৷

    যেতিয়া অখিল গগৈ এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰাতো নিশ্চিত।ৰাইজৰ উৎসাহ আৰু আশাৰ মাজেৰে অখিল গগৈ নিশ্চয়কৈ শিৱসাগৰৰ বিধায়কৰূপে নিৰ্বাচিত হ’ব। আনহাতে শিৱসাগৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সন্দৰ্ভত বিশেষ টিপ্পনি কৰি কোঁৱৰে কয় যে দুদিন ধৈৰ্য ধৰক সকলো পৰিষ্কাৰ হ’ব।অখিল গগৈৰ মনোনয়ন সংগ্ৰহ আৰু ৰাইজৰ দলৰ ঘোষণাই এতিয়া কংগ্ৰেছ-বিজেপি শিৱিৰত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেইয়া হ’ব লক্ষণীয়।

    https://www.facebook.com/544522072563781/videos/164506362151809

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds