ৰাজ্যত অবৈধভাৱে অনুপ্ৰৱেশ কৰা ২ বাংলাদেশীক ৫ বছৰৰ কাৰাদণ্ড

Polytechnic College in Narayanpur

ৰাজ্যত অবৈধভাৱে অনুপ্ৰৱেশ কৰা ২ বাংলাদেশীক ৫ বছৰৰ কাৰাদণ্ড

■ নিউজ ডেস্ক: দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ জিলা আদালতে বৃহস্পতিবাৰে দুজন বাংলাদেশী নাগৰিকক দোষী সাব্যস্ত কৰে। ২ বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে আদালতে তেওঁলোকক পাঁচ বছৰৰ কাৰাদণ্ড বিহে।

আদালতে দুয়োজনকে ১০,০০০ টকাৰ জৰিমনাও আৰোপ কৰিছিল। জৰিমনা পৰিশোধত বিফল হোৱাৰ বাবে দুয়ো আৰু ৬ মাহৰ কাৰাবাসত থাকিব লাগিব।

দোষী সাব্যস্ত অভিযুক্ত বাংলাদেশী নাগৰিক দুজনৰ নাম আব্দুল হাই আৰু নিৰঞ্জন ঘোষ বুলি চিনাক্ত কৰা হৈছে।

জিলা চৰকাৰী অধিবক্তা বিশ্বজিৎ মহন্তই উল্লেখ কৰা মতে “জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে আব্দুল হাই আৰু নিৰঞ্জন ঘোষ নামৰ দুজন অভিযুক্তক দোষী সাব্যস্ত কৰে আৰু আদালতে তেওঁলোকক পাঁচ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে।”

যোৱা বছৰৰ ৬ মাৰ্চত মানকাচাৰ আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ বেহুলাচাৰ অঞ্চলৰ পৰা আব্দুল হাইক গ্ৰেপ্তাৰ কৰিছিল। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে ১৬৩/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছিল।

একেদৰে, আৰক্ষীয়ে যোৱা বছৰৰ ২৫ মে’ত নিৰঞ্জন ঘোষক গ্ৰেপ্তাৰ কৰিছিল। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ৩৯৫/২১ নম্বৰৰ গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*