অসম ৰাইফলছৰ উদ্যোগত সজাগতা সভা শোণিতপুৰ লখৰাত

Lokra Battalion of Assam Rifles
Lokra Battalion of Assam Rifles

অসম ৰাইফলছৰ উদ্যোগত সজাগতা সভা শোণিতপুৰ লখৰাত ::

 

অসম ৰাইফলছৰ লখৰা  বেটেলিয়নৰ উদ্যোগত সোমবাৰে শোণিতপুৰ জিলাৰ লখৰা অসম ৰাইফলছ পাব্লিক স্কুলত এক সজাগতা সভা অনুষ্ঠান হয়।
অসম ৰাইফলছ পাব্লিক স্কুলৰ শিশুস কলৰ মাজত ৰাষ্ট্ৰীয় পতাকা সজাগতা সম্পৰ্কে এই বিশেষ সজাগতা সভা খন অনুষ্ঠিত হয়। ইফালে দেশ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা’ অমৃত মহোস্তৱ লগত সংগতি ৰাখি লখৰা অসম ৰাইফলছ পাব্লিক স্কুলৰ শিশু সকলক ৰাষ্ট্ৰীয় পতাকা ওপৰত বিশেষ ভাৱে প্ৰশিক্ষণ দিয়া হয়। কাৰণ আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত এই সকল শিশু ।
যাতে প্ৰতিজন শিশুয়ে ৰাষ্ট্ৰীয় পতাকাৰ ইতিহাস আৰু পতাকাৰ উৎপত্তিৰ বিষয়ে অৱগত হৈ দেশপ্ৰেম, সন্মানৰ অনুভূতি প্ৰদান কৰা লগতে দেশ মাতৃ সেৱা কৰিবলৈ আগবাঢ়ি আহিবলৈ ভৱিষ্যত অধিক মানসিকতা শক্তিশালী ৰূপে গঢ়ি তুলিব পাৰে তাৰ বাবে এনে পদক্ষেপ সজাগতা সভা আয়োজন কৰা বুলি অসম ৰাইফলছ বিষয়াই জানিবলৈ দিয়ে।
আনহাতে এই সজাগতা সভাত প্ৰায় ৭৩ জন এআৰপিএছ (ARPS)স্কুলীয়া শিশুৱে অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*