■ ৰঙাপৰা■ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত হাতিবাৰী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ই এক সজাগতা সভা অনুষ্ঠিত কৰে।
দিনৰ ২ বজাত হাতিবাৰী ফুটবল খেল পথাৰত আছাৰ হাতিবাৰী প্ৰাথমিক গোটৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ৰঙাপৰা আঞ্চলিক সমিতিৰ উপ সভাপতি ইছাক উৰাঙে।
আছাৰ হাতিবাৰী প্ৰাথমিক গোটৰ সভাপতি ছোমনাথ বাঢ়াইকে আঁত ধৰা সভাত অংশগ্ৰহণ কৰি আছাৰ শোণিতপুৰ জিলা প্ৰচাৰ সম্পাদক কৃষ্ণ নায়কে অসমৰ আদিবাসী সকলক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিবলৈ দাবী জনায়।
চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায়।তেওঁ বাগিচা অঞ্চলত বসবাস কৰা আদিবাসী লোক অতিশীঘ্ৰে ভূমি পট্টা প্ৰদান কৰিবলৈ নিজৰ ভাষনত দাবী জনায়।আগন্তুক বিধান সভা নিৰ্বাচনত আদিবাসী জনগোষ্ঠীক সজাগ কৰিবলৈ তেওঁ প্ৰাথমিক গোটৰ সমুহ সদস্যক আহ্বান জনায়।
সভাত বক্তা সকলে বাগিছা অঞ্চলত শিক্ষা, খোৱা পানী আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰক আহ্বান জনায়। সভাত আছাৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক হৰি মাঝী,ৰঙাপৰা আঞ্চলিকৰ উপদেষ্টা হৰিদাশ দীঘাল, বিত্ত সম্পাদক মাৰিয়ুছ কাছুৱা ,অসম চাহ মজদুৰ সংঘ হাতিবাৰী প্ৰাথমিক গোটৰ উপ সভাপতি আৰ্জু কৰ্মকাৰ অংশগ্ৰহণ কৰে।
আজি অনুষ্ঠিত সভাৰ আৰম্ভণিতে শ্বহীদ সকলৰ স্মৃতিত ১ মিনিট মৌনতা অৱলম্বন কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।সভাত কন কন শিশু সকলে বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে।
আজিৰ সভাত হাতিবাৰী প্ৰাথমিক গোটৰ নৱ নিযুক্ত সদস্য সকলে শপত গ্ৰহণ কৰে।আছাৰ শোণিতপুৰ জিলা প্ৰচাৰ সম্পাদক কৃষ্ণ নায়কে শপত গ্ৰহণ অনুষ্ঠানটো পৰিচালনা কৰে।
Leave a Reply