ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী যশৱন্ত সিনহাই দাখিল কৰিলে মনোনয়ন পত্ৰ

ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী যশৱন্ত সিনহাই দাখিল কৰিলে মনোনয়ন পত্ৰ

নিউজ ডেস্কঃ অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। শাসকীয় দলে ইতিমধ্যে নিৰ্বচিত কৰিছে প্ৰাৰ্থী। এই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে আজি বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী যশৱন্ত সিনহাই আজি মনোনয়ন পত্ৰ দাখিল কৰে।

কংগ্ৰেছৰ ৰাহুল গান্ধী, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, সমাজবাদী পাৰ্টী অখিলেশ যাদৱ, নেচনেল কনফাৰেন্সৰ ফাৰুক আব্দুলা, তৃণমূল কংগ্ৰেছ অভিষেক বেনাৰ্জী, টি আৰ এছৰ কে টি ৰামাৰাও, ডি এম কেৰ এ ৰাজা, চি পি আই এমৰ সীতাৰম য়েচুৰীকে ধৰি কেইবাগৰাকীও বিৰোধী নেতা মনোনয়ন পত্ৰ দাখিলৰ সময়ত যশৱন্ত সিনহাৰ সৈতে সংসদ ভৱনত উপস্থিত থাকে। ইফালে যোৱা শুকুৰবাৰে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে মনোনয়ন পত্ৰ দাখিল কৰিছিল। দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অহা ১৮ জুলাইত অনুষ্ঠিত হোৱাৰ পাছত অহা ২১ জুলাইত নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*