বিশ্বনাথ জিলা কংগ্ৰেছৰ ৩ ঘণ্টীয়া সত্যাগ্ৰহ
বিশ্বনাথ ২৭ জুন:- আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে জিলা সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বত, যুৱ প্ৰজন্মৰ ভবিষ্যত ধ্বংস কৰা, কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা “অগ্নিপথ” আঁচনি বাতিলৰ দাবীত আজি বিশ্বনাথৰ মাজ মজিয়াত ৩ ঘণ্টীয়া সত্যাগ্ৰহ আন্দোলন ৰূপায়ন কৰে।
আজিৰ এই কাৰ্যসূচীত, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা আৰু মুখপাত্ৰ বৰ্ণালী ফুকন , জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ লগতে কংগ্ৰেছ কৰ্মীবৃন্দ সকলোৱে উপস্থিত থাকে ।
Leave a Reply