31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    শিক্ষক দিৱসৰ দিনা প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী জিলাৰ ৫ খন ঠাইত “গুৰুপূজন” কাৰ্য্যক্ৰম অনুষ্ঠান

    শিক্ষাৰ্থীসকলৰ শিক্ষাগুৰুৰ চৰণ চুই আশীর্বাদ গ্রহণ

    নলবাৰী, ৫ ছেপ্টেম্বৰঃ শিক্ষক দিৱস উপলক্ষে আজি প্রজ্ঞা, নলবাৰী জিলা সমিতিৰ উদ্যোগত এক ব্যক্তিক্রম ধৰনে “গুৰুপূজন” অনুষ্ঠান নলবাৰী জিলাৰ বৰভাগ গংগাপুখূৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পশ্চিম বনভাগ খাতিকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰূপায়ণ কৰা হয়।উক্ত ৫টা শিক্ষানুষ্ঠানত অনুষ্ঠিত হোৱা “গুৰুপূজান” কাৰ্যসূচীত প্রায় ৫৪ গৰাকী শিক্ষকক গুৰুপূজন কৰা হয়। ছাত্র- ছাত্রীসকলে পুখুৰীৰ পৰা পানী তুলি আনি সেই পানীৰে গুৰুসকলৰ চৰণ ঢুৱাই গুৰুপূজন কৰা পৰিৱেশে সকলোৰে দৃষ্টি আকর্ষণ কৰে।

    উল্লেখ্য যে পশ্চিম বনভাগ খাতিকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষানুষ্ঠানখনৰ ছাত্র একতা সভাৰ উদ্যোগত প্রজ্ঞা, নলবাৰী জিলা সমিতিৰ সহযোগত অনুষ্ঠিত ১০ গৰাকী শিক্ষকক গুৰুপূজন কৰা হয়।গুৰুপূজনৰ প্রমুখ সুৰেশ কলিতাই আঁতধৰা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নলবাৰী বিভাগ প্রচাৰক কেশৱ ভূঞাই শিক্ষক দিৱসৰ ওপৰত বিশদ বক্তব্য প্রদান কৰাৰ লগতে প্রজ্ঞাৰ লক্ষ্য উদ্দেশ্যৰ ওপৰতো বক্তব্য প্রদান কৰে।

    আজিৰ এই কাৰ্য্যক্ৰমত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ক্ৰমে মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড° সুৰেশ শৰ্মা,বৰক্ষেত্ৰী মহাবিদ্যালয়ত শিক্ষাবিদ তথা প্ৰজ্ঞাৰ নলবাৰী জিলাৰ সভাপতি দিপক কুমাৰ শৰ্মা,গংগাপুখূৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড° জয়ন্ত শৰ্মা স্বাস্ত্ৰী,দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাবিদ নলবাৰী জিলাৰ প্ৰজ্ঞাৰ উপদেষ্টা ড° মুনিন দাস৷ প্রজ্ঞা’ৰ আজিৰ এই অনুষ্ঠানটি সামগ্রিকভাৱে আত ধৰে প্রজ্ঞা, জিলা সমিতিৰ সাধাৰণ সম্পাদক পংকজ ডেকা, সম্পাদক হেমন্ত বৰ্মন, গকুল মহন্ত, মৃনাল শৰ্মা, মানস জ্যোতি তালুকদাৰ আদিয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds