অসমে মধ্য প্ৰদেশৰ গোৱালিয়ৰত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাতোঁৰ প্ৰতিযোগিতাত ১০ টা পদক লাভ কৰিছে। আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অসমে ৫ টা সোণ, ২ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। অসম পেৰালিম্পিক সন্থাই প্ৰকাশ কৰা মতে, ৩ দিনীয়া প্ৰতিযোগিতাখনৰ আজি অন্তিম দিনা অসমে ৩ টা সোণসহ ৫ টা পদক লাভ কৰে। আজি অসমৰ হৈ য়েছমিনা খাতুনে ১০০ মিটাৰ ব্ৰেষ্টষ্ট্রোকত দ্বিতীয়টো সোণৰ পদক লাভ কৰাৰ বিপৰীতে কৃষ্ণা দাসে দ্বিতীয় দিনা ২টাকৈ সোণৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাৰ প্ৰথম দিনা য়েছমিনা এটা সোণ আৰু ২টা ৰূপৰ পদক অৰ্জন কৰিছিল। ইফালে কৃষ্ণা দাসে ১০০ মিটাৰ বাটাৰফ্লাই আৰু ৱেষ্টস্ট্রোকত সোণ অৰ্জন কৰি তৃতীয়টো সোণৰ পদক লাভ কৰাৰ গৌৰৱ অৰ্জন কৰে। অসমৰ আন এগৰাকী আন্তঃর্জাতিক খ্যাতিসম্পন্ন পেৰা সাতোঁৰবিদ আনোৱাৰ ছিকদাৰে আজি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাজ্যখনৰ পেৰা সাতোঁৰ দলৰ এই অনবদ্য প্ৰদৰ্শনৰ বাবে অসম পেৰালিম্পিক সন্থাই সাতোৰবিদসকলক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে এই প্রতিযোগিতাত অসমৰ এটা ১৬ জনীয়া সাতোৰবিদৰ দলে অংশগ্ৰহণ কৰিছিল।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



