31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    ৰে’লৱেৰ ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচন; এনএফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান

    মালিগাঁওঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪, ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা ৩০% অথবা ভোটদানৰ ৩৫% পালে সেই সংগঠনে স্বীকৃতি লাভ কৰিব। উল্লেখযোগ্য যে বিগত ২০১৩ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এন এফ ৰে’লৱে এম্পলিইজ ইউনিয়নে ৰেলৱেৰ ৫৪ শতাংশ শ্ৰমিক-কৰ্মচাৰীৰ ভোট লাভ কৰি উত্তৰ পূৱ সীমান্ত ৰে’লৱেত অপ্ৰতিদ্বন্দ্বী ট্ৰেড ইউনিয়নৰ মৰ্যাদা লাভ কৰিছিল। উল্লেখ্য যে ৰে’লৱে বোৰ্ডে ২০০৭ বৰ্ষৰ পৰা এই নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে। আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দ্যেশ্যেৰে ২৩ অক্টোবৰত এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াৰ নেতৃত্বত তিনি সহস্ৰাধিক সদস্যই বিশাল সমদল কৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিছিল।

    ইফালে কালিৰে পৰা আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু এই প্ৰচাৰ অভিযানৰ ২ ডিচেম্বৰত সামৰণি পৰিব। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে কালি এম্পলইজ ইউনিয়নে শৰাইঘাট দলঙৰ সমীপত আজ্ঞাঠুৰী ৰে’ল ষ্টেচনত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। দুই শতাধিক ৰেলৱেৰ শ্ৰমিক-কৰ্মচাৰীৰ উপস্থিতিত কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক জয়ন্ত চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাগ লৈ এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই কয় জন্মলগ্নৰে পৰা ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে মাত মাতি আহিছে। নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত যি আন্দোলন আৰম্ভ কৰিছে সেয়া মানি নোলোৱালৈকে চলি থাকিব। আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ যাতে অধিক ভোট লাভ কৰিব পাৰি তাৰ বাবে হাতে-কামে সকলোৱে নামি পৰিব লাগিব। ইফালে এন এফ ৰেলৱে এম্পলইজ ইউনিয়ন জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, মুনীন শইকীয়া জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলা বিশাল সভাখনত কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন, সাংগঠনিক সম্পাদক শ্যামল দাস, হেড কোৱাৰ্টাৰ শাখাৰ সভাপতি পংকজ দাস আৰু সম্পাদক ভাস্কৰ ভূষণ দাসৰ উপৰিও পৱন দত্ত, ৰূপক দাস, মৃত্যুঞ্জয় ঠাকুৰীয়া, সুভাষ দাস, নৱ দাস, পৰেশ ডেকা, বিৰাজ দাস, বিজু বড়ো, সুবোধ চৌধুৰীকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds