31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    ৰমু চলিহালৈ কলঞ্চুপৰীয়া ৰঙালী বিহু সন্মিলনৰ শোক প্ৰস্তাৱ

    ♦ যোৱা ১৩ ছেপ্তেম্বৰ তাৰিখে বিয়লি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰণৱজিৎ চলিহা ওৰফে ৰমু দাই। ৰমু চলিহা হাওঁফাওঁৰ জটিল ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল। সংগ্ৰামী নেতা গৰাকীৰ ফুকন নগৰস্থিত বাসগৃহৰ চৌহদত ভিন্নজন গুণমুগ্ধই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।

    ২ এপ্ৰিল ১৯৫০ চনত জন্ম গ্ৰহণ কৰা অসম আন্দোলনৰ অগ্ৰণী নেতা আছিল ৰমু চলিহা৷ ১৯৭২ চনৰ পৰা ১৯৭৪ চন লৈকে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাবে নেতৃত্ব লৈ অসম আৰু অসমীয়াক আপোচবিহীন ভাবে ভাল পাই দেশৰ স্বাৰ্থত সদায় মাত মাতি গৈছিল৷ ১২৭ বাৰকৈ কাৰাবাসো খাতিছিল ৰমু চলিহাই৷ অসমৰ ক্ৰিয়া, সাংস্কৃতিক তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সন্মুখৰ পৰা নেতৃত্ব লৈ নৱ প্ৰজন্মক সাহস দি আগুৱাই লৈ গৈছিল প্ৰয়াত চলিহাই৷ আপোচবিহীনভাৱে অসমক ভাল পাই নিজৰ স্থিতিত অটল থাকি অসমী আইক সেৱা কৰি গৈছিল তেওঁ৷

    সমান্তৰাল ভাৱে শিৱসাগৰত ২০০১ চন স্থাপিত হোৱা কলঞ্চুপৰীয়া ৰঙালী বিহু সন্মিলনৰো ২০১৫ চনৰ সভাপতিৰ দায়িত্ব লৈ জাতীয় সাংস্কৃতিক জীয়াই ৰাখি নৱ প্ৰজন্মৰ অভিভাৱক হিচাপে আগুৱাই লৈ গৈছিল৷ আজি কলঞ্চুপৰীয়া ৰঙালী বিহু সন্মিলনৰ পৰিয়ালৰ হৈ মুখ্য সম্পাদক পৰাগ বড়াই প্ৰয়াত প্ৰণৱজিৎ চলিহাৰ পৰিয়ালৰ বৰ্গলৈ শোক প্ৰস্তাৱ আগবঢ়াই সমবেদনা জ্ঞাপন কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds