31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়া ৰেল আৰক্ষীৰ অমানবীয় কাণ্ড, কেইবাঘণ্টা ধৰি পৰি থাকিল মৃতদেহ, ক্ষুব্ধ ৰাইজ

    ♦ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ ৰঙিয়া ৰেল জংচনৰ সমীপত নামনিমুৱা ৰেলৰ খুন্দাত এজন যুৱকে কৰুণ মৃত্যুক সাৱটি লয়। কিন্তু ৰে’ল আৰক্ষীৰ সন্মুখেৰে যুৱকজনৰ মৃতদেহটোৰ ওপৰেৰে এখন এখনকৈ কেইবাখনো ৰে’লগাড়ী পাৰ হৈ যোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে অঞ্চলটোত। মৃতদেহক সন্মান নকৰাৰ অভিযোগ ৰে’ল বিভাগৰ বিৰুদ্ধে।

    উল্লেখযোগ্য যে নিহত যুৱকজনৰ মৃতদেহটো কেইবাখনো ৰেলৰ খুন্দাত চুৰ্ণ বিচুৰ্ণ হৈ যায় । মৃতদেহটোৰ ওপৰত এখন কাপোৰ জাপি দিয়াৰো মানৱতা বোধনকৰা ৰেল আৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে প্ৰত্যক্ষদৰ্শী লোকসকল। কেইবাখনো ৰেল মৃতদেহটোৰ ওপৰেৰে পাৰ হৈ যোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে দুৰ্ঘটনাস্থলীৰ সমীপতে থকা ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকৰ কাৰ্যালয় অথবা ৰে’ল আৰক্ষীৰ ফালৰ পৰা। ঘটনাস্থলীত নিমিষতে গোটখাই অসংখ্য লোক। ৰে’ল আৰক্ষীৰ এই অমানবীয় কাণ্ডত ক্ষুব্ধ হৈ পৰে লোকসকল যাৰবাবে ৰে’ল আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হবলৈ বাধ্য হয়।

    ইয়াৰ পিছতেই দুৰ্ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কেইবা ঘন্টাৰ অন্ততঃ ৰে’ল আৰক্ষীয়ে চমজি নিয়ে যুৱকজনৰ মৃতদেহটো। নিহত যুৱকজন হৈছে ৰাজস্থানৰ ৰামনিবাস যাত (২৭)। ৰঙিয়াৰ এখন ব্যাৱসায়িক প্ৰতিস্থানৰ কৰ্মচাৰীগৰাকীয়ে দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মৃতদেহক সন্মান দিব নজনা ৰে’ল বিভাগৰ বিষয়া, কৰ্মচাৰী, আৰক্ষীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যাৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই স্থানীয় ৰাইজে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds