♦শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া হিচাপে নতুনকৈ যোগদান কৰা দেবেন বৰাক আজি ৰঙাপৰা প্ৰেছ ক্লাবে ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৰঙাপৰা প্ৰেছ ক্লাবৰ সভাপতি সুনিল ম’ৰ, সহকাৰী সাধাৰণ সম্পাদক চাহিন আহমেদ, প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰাজেশ পাটদিয়া, আব্দুল ৰহিম, বলেন চক্ৰৱৰ্তী আৰু ৰঙাপৰা প্ৰেছ ক্লাৱৰ সাংবাদিক সকল। সম্বৰ্দ্ধনা গ্ৰহণ কৰি নতুনকৈ যোগদান কৰা বিষয়া দেবেন বৰাই কয় যে, সাংবাদিকসকল যিহেতু গণতন্ত্রৰ চতুর্থ স্তম্ভ সেয়ে প্ৰশাসন আৰু সংবাদমাধ্যমৰ সহযোগত ৰঙাপৰা অঞ্চলৰ ৰাইজৰ যিকোনো সমস্যা সমাধান কৰাৰ বাবে তেখেঁতে কাম কৰিব পুৰ্ব্বৰ দীঘলীয়া চাকৰি কালৰ বহু অভিজ্ঞতা উল্লেখ কৰাৰ লগতে সংবাদমাধ্যমৰ পৰাও পূর্ণ সহযোগিতা বিচাৰে৷ ইপিনে ৰঙাপৰা প্ৰেছ ক্লাবৰ সভাপতি সুনিল ম’ৰে সম্বৰ্দ্ধনা জনাই নিজৰ বক্ত্যবত কয় যে, এনেকুৱা সজাগ আৰু সক্রিয় বিষয়াই যদি দায়িত্ব সহকাৰে কাম কৰে তেনেহলে ৰাইজৰো বহুতো উপকাৰ সাধন হ’ব৷ সম্বৰ্ধনা অনুষ্ঠানত প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰাজেশ পাটদিয়াই ৰঙাপৰা নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহু সমস্যা অৱগত কৰাৰ লগতে নগৰ খনত সঘনাই হৈ থকা যান-যটৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations