Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতিত ধুবুৰী জিলা সাহিত্য সভা আৰু নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ‘কাব্যসেঁতু’ সম্পন্ন

প্ৰযুক্তি মুক্তধাৰাৰ গুগল মীটৰ জৰিয়তে আয়োজিত এই অনুষ্ঠান অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই সঞ্চালনা কৰে

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■  নলবাৰী জিলা সাহিত্য সভা আৰু ধুবুৰী জিলা সাহিত্য সভাৰ যৌধ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৪ জুলাইত ‘কাব্যসেঁতু’ নামেৰে এটি মনোগ্ৰাহী কাব্য অনুষ্ঠান সম্পন্ন হয় । প্ৰযুক্তি মুক্তধাৰাৰ গুগল মীটৰ জৰিয়তে আয়োজিত এই অনুষ্ঠান অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই সঞ্চালনা কৰে । হীৰেন ভট্টাচাৰ্য ৰচিত আৰু ধুবুৰীৰ জনপ্ৰিয় শিল্পী মালবিকা ডিহিদাৰে গোৱা গীতেৰে অনুষ্ঠান আৰম্ভ কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানৰ লক্ষ্য–উদ্দেশ্যৰ ব্যাখ্যা আগ বঢ়ায় । আদৰণী ভাষণ প্ৰদান কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে । অনুষ্ঠান উদ্বোধন কৰে বৰ্ষীয়ান বিশিষ্ট শিক্ষাব্ৰতী তথা ধুবুৰী গদাধৰ কবিচক্ৰৰ সভাপতি দেৱেন্দ্ৰনাথ শৰ্মাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা, বিশিষ্ট অতিথি হিচাপে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণীকান্ত ৰয়ে ভাগ লয় । নলবাৰীৰ জনপ্ৰিয় কবি তথা শিক্ষাব্ৰতী বিনয় কুমাৰ মজুমদাৰে পঠিত কবিতাবোৰৰ তাৎক্ষণিক পৰ্যালোচনা আগ বঢ়ায় । ‘কাব্যসেঁতু’ অনুষ্ঠানত নলবাৰী জিলাৰপৰা অজিত ৰাজবংশী, কংকণ শৰ্মা, কবিতা ডেকা তালুকদাৰ, নিৱেদিতা হাজৰিকা, দীপালিমা দত্ত, প্ৰণীতা হালৈ, হেমেন ৰাজবংশী, মামণি ডেকা, জুনু গোস্বামী, ডিম্বিকা চৌধুৰী, ৰুণুমী দেৱী, ভাস্বতী দেৱী, আৰতী মিশ্ৰ, পাৰুল গোস্বামী, জয় চন্দ্ৰ শৰ্মা, নীলিমা দেৱী ভাগৱতী, হীৰামণি তালুকদাৰ, বনশ্ৰী চৌধুৰী, নিৱেদিতা ডিম্পল আকৌ ধুবুৰী জিলাৰপৰা ধনঞ্জয় সিন্‌হা, প্ৰণৱ কুমাৰ বৰ্মন, ডঃ অলকা শৰ্মা, বিজু ভকত, আলতাফ হুছেইন আহমেদ, জুইন দাস, আব্দুল হানিফ খান, হেম চৰকাৰ, ধনঞ্জয় ৰায়, মিহিৰ দাস, হেমলতা কাকতী আৰু তিলক প্ৰসাদে স্বৰচিত কবিতা পাঠেৰে আকৌ লোক সংগীতৰ প্ৰখ্যাত কণ্ঠ শিল্পী ভোলানাথ ৰায়ে গোৱালপৰীয়া, প্ৰবীণ বৈশ্যই বাঁহৰ সুৰ আৰু শংকৰ শৰ্মাই স্বৰচিত গীত পৰিৱেশন কৰি হীৰেন ভট্টাচাৰ্যলৈ শ্ৰদ্ধা নিৱেদন কৰে । এই অনুষ্ঠানত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাহিদ্যালয়ৰ অৱসৰীয়া অধ্যাপিকা ডঃ লীনা ডেকা, হাফলঙৰ বিশিষ্ট সাহিত্যব্ৰতী আলো নুনিচা, নলবাৰীৰ জনপ্ৰিয় লেখক পংকজ গোৱিন্দ মেধি, বঙাইগাঁৱৰ স্বাগত চ্কিৎসালয়ৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক শংকৰ দাস আৰু মাজুলী সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাধে অতিথি হিচাপে ভাগ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে । ধুবুৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক দীপক দেৱনাথে অনুষ্ঠানত ভাগ লোৱা সকলোলৈ শলাগ জ্ঞাপন কৰে । অসম সংগীতেৰ ‘কাব্যসেঁতু’ অনুষ্ঠান সামৰা হয় । ।

- Advertisement -

Hot this week

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds