31.3 C
Guwahati
Thursday, October 30, 2025
More

    শেহতীয়া আপডেটঃ

    মালিগাঁওত বিশাল সমদলৰে ৰে’লৱে ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচনত এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ মনোনয়ন পত্ৰ দাখিল

    গুৱাহাটীঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪, ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা ৩০% অথবা ভোটদানৰ ৩৫% পালে সেই সংগঠনে স্বীকৃতি লাভ কৰিব। উল্লেখযোগ্য যে বিগত ২০১৩ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এন এফ ৰে’লৱে এম্প্লইজ ইউনিয়নে ৰে’লৱেৰ ৫৪ শতাংশ শ্ৰমিক-কৰ্মচাৰীৰ ভোট লাভ কৰি উত্তৰ পূৱ সীমান্ত ৰে’লৱেত অপ্ৰতিদ্বন্দ্বী ট্ৰেড ইউনিয়নৰ মৰ্যাদা লাভ কৰিছিল। উল্লেখ্য যে ৰে’লৱে বোৰ্ডে ২০০৭ বৰ্ষৰ পৰা এই নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে। আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দ্যেশ্যেৰে আজি এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ তিনি সহস্ৰাধিক সদস্যই প্ৰথমতে ৰে’লৱে ষ্টেডিয়ামৰ সন্মুখত থকা জুনিয়ৰ ইনষ্টিটিউটৰ বাকৰিত দিনৰ ১১ বজাত মিলিত হয়।

    তাৰ পাছত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বিজন দেৱৰয় আৰু সাধাৰণ সম্পাদক তথা নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছৰ (এন এফ আই আৰ ) যুটীয়া সাধাৰণ সম্পাদক মুনীন শইকীয়াৰ নেতৃত্বত হাতে হাতে ইউনিয়নৰ বেনাৰ – পোষ্টাৰ, প্লে – কাৰ্ড লৈ বিশাল সমদল কৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়লৈ আহে। সমদলত ভাগ লোৱা সকলোৱে এন এফ ৰে’লৱে এম্পলইজ ইউনিয়ন জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, মুনীন শইকীয়া জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। ইফালে সমদলত কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, প্ৰকাশ বৰ্মন, দেৱাশীষ মুখাৰ্জী, ৰুবুল বৰুৱা, কোক্ষাধ্যক্ষ জোন দাস, সহকাৰী সাধাৰণ সম্পাদক প্ৰণীতা মজুমদাৰ, কাৰ্যালয় সম্পাদিকা কস্তুৰী দত্ত, হেড কোৱাৰ্টাৰ শাখাৰ সম্পাদক ভাস্কৰ ভূষণ দাস, মহিলা শাখাৰ সম্পাদিকা মিতালী দত্ত, একাউণ্টছ শাখাৰ সম্পাদক ৱাহিদুৰ ৰহমানকে ধৰি ইউনিয়নৰ কেবাটাও শাখাৰ কৰ্মকৰ্তা, পাচঁটা সংমণ্ডলৰ সভাপতি- সাধাৰণ সম্পাদক প্ৰমুখ্যে বিষয় ববীয়া সকল উপস্থিত থাকে।

    আনহাতে সমদলৰ অন্তত ইউনিয়নৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্য নিৰ্বাচনী বিষয়া, উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰধান মূখ্য কাৰ্মিক বিষয়া ত্ৰিকালজ্ঞ ৰাভাৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত সদৰ কাৰ্যালয়ৰ সন্মুখত সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত মুনীন শইকীয়াই কয়, ‘আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ইমান শ্ৰমিক-কৰ্মচাৰীয়ে ইউনিয়নৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সমদলত ভাগ লোৱা দেখি আমি অভিভূত হৈছোঁ। আমাৰ বিশ্বাস আমি ২০১৩ চনতকৈ অধিক সঁহাৰি লাভ কৰিম। এম্পলইজ ইউনিয়নে জন্মলগ্নৰে পৰা ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে মাত মাতি আহিছে আৰু মাত মাতি যাব। আগন্তুক নিৰ্বাচনত সমূহ ৰে’লৰ শ্ৰমিক-কৰ্মচাৰীৰ আশীৰ্বাদৰ লগতে সহায়-সহযোগিতা আমি কামনা কৰিলো।’

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds