মায়ং,১৭ নৱেম্বৰ দেওঁবাৰে জাগীৰোডৰ দেওঁশালত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাবটিছিল মায়ঙৰ বুৰাবুৰীৰ তিনি শ্ৰমিক ক্ৰমে জয়ন্ত ৰংপি, অতুল বিশ্বাস,সুশিল দাস,নামৰ তিনিজকৈ উদীয়মান যুৱকে। তাৰ পাছৰে পৰা মায়ঙৰ বুৰাবুৰীৰ সমগ্ৰ অঞ্চলতে বৈ আছিল শোকৰ বন্যা।
শোকত ভাঙি পৰিছিল মৃতকৰ আত্মীয়ৰ উপৰিও সমগ্র বুৰাবুৰী অঞ্চল বাসী।
১৭ নৱেম্বৰ সন্ধিয়া তিনিওজন যুৱকৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনাৰে বুৰাবুৰী হিন্দ ক্লাবৰ সন্মুখত এগচি এগচি বন্তি প্ৰজ্জলনেৰে তিনিও শ্ৰমিকৰ আত্মাৰ সৎগতি কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়।
প্ৰেৰক-পিংকু দেৱ নাথ, মায়ং