31.3 C
Guwahati
Thursday, October 9, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী প্ৰেছ ক্লাৱৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

    বিহালী প্ৰেছ ক্লাৱৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

    বিহালী প্ৰেছ ক্লাৱৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি মধ্য বিহালী শাখা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ।

    পুৱা প্ৰথমে পতাকা উত্তোলন কৰা হয় । বিহালী প্ৰেছ ক্লাবৰ সম্পাদক খগেন মটকে আঁত ধৰা অনুষ্ঠানত ক্লাবৰ সভাপতি দীপক কুমাৰ শৰ্মাই পতাকা উত্তোলন কৰে ।

    শৰ্মাই পতাকা উত্তোলন কৰি ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ গৰকা বিহালী প্ৰেছ ক্লাৱৰ জন্মলগ্নৰ সৈতে তথা প্ৰতিষ্ঠাকালৰ পৰা জড়িত লোকসকলক সোঁৱৰি কৃতজ্ঞতা জনাই ।

    অনুষ্ঠানত মধ্য বিহালী শাখা সাহিত্য সভাৰ সভাপতি ৰাজেন হাজৰিকা, সমাজকৰ্মী
    মহম্মদ আলী হোছেইন, ক্ৰীড়া সংগঠক, বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সম্পাদক অৰুণ কুমাৰ চাহাই বিহালী প্ৰেছ ক্লাবৰ আপোচ বিহীন কৰ্মৰাজি তথা নিৰপেক্ষ সংবাদ সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনতো এই ধাৰা অক্ষুণ্ণ থকাৰ কামনা কৰে ।

    উক্ত কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক চুৰেণ বৰা, বয়োজ্যেষ্ঠ ব্যক্তি বেবীধৰ বৰা, বেদেতী অঞ্চলৰ ব্যৱসায়ী দিলীপ সেন, প্ৰাক্তন খেলুৱৈ বাপধন বৰা, বিহালী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বীৰেন্দ্ৰ নাথ গোস্বামী, বিহালী প্ৰেছ ক্লাৱৰ পত্ৰিকা সম্পাদক দিগন্ত কুমাৰ দাস, সহকাৰী সম্পাদক অম্লান কাশ্যপ চাহা উপস্থিত থাকে ।।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.